অসম

assam

ETV Bharat / state

যোৰহাটত লক ডাউন অৱজ্ঞা কৰি কিয় ওলাই আহিল একাংশ জনতা ? - লক্ ডাউনত জুৰুলা সাধাৰণ মানুহৰ জীৱন

লক ডাউনত জুৰুলা সাধাৰণ মানুহৰ জীৱন ৷ কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে পৰ্যায়ক্ৰমে লক ডাউন দিয়া হৈছিল মাৰ্চৰ মাহৰ পৰা ৷ কিন্তু তথাপিও বৃদ্ধি হৈয়ে আছে ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ ৷ যোৰহাট জিলাতো একেই প্ৰতিচ্ছবি । লক ডাউনত জীৱন জুৰুলা হোৱা একাংশ মানুহে উপায়হীন হৈ যোৰহাটৰ নিৰ্মল চাৰি আলিত কামৰ আশাত বহি আছে পুৱাৰে পৰা ৷

lock down impact on daily workers at Jorhat
যোৰহাটত লক ডাউন অৱজ্ঞা কৰি কিয় ওলাই আহিল একাংশ জনতা ?

By

Published : Jul 20, 2020, 5:39 PM IST

যোৰহাট,20 জুলাইঃ কৰ'ণাৰ ত্ৰাস আৰু লক ডাউনে জুৰুলা কৰিছে ব্যাপক প্ৰভাৱ পেলাইছে সাধাৰণ মানুহৰ জীৱন যাত্ৰাত ৷ বিগত মাৰ্চ মাহৰ পৰা কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে পৰ্যায়ক্ৰমে ৰাজ্যত চলি আছে লক ডাউন ৷ কিন্তু তথাপিও ৰাজ্যত বৃদ্ধি হৈয়ে আছে ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ ৷ ইতিমধ্যে ৰাজ্যত প্ৰায় 24 হাজাৰ লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৷ ৰাজ্যৰ আন আন জিলা সমূহতকৈ যোৰহাটত দৈনিক বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ।

যোৰহাটত লক ডাউন অৱজ্ঞা কৰি কিয় ওলাই আহিল একাংশ জনতা ?

ইতিমধ্যে যোৰহাটত মৃত্যু হৈছে কেইবাজনো লোকৰ ফলত যোৰহাট জিলা প্ৰশাসনে ঘোষণা কৰিছে অনিৰ্দিষ্টকালীন লক ডাউন । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো বন্ধ যোৰহাট জিলাত ৷ কিন্তু এই বন্ধৰ সময়ত বন্ধ নামানি ওলাই আহিল একাংশ লোক ৷

যোৰহাটত লক ডাউন অৱজ্ঞা কৰি কিয় ওলাই আহিল একাংশ জনতা ?

"কৰ'ণাত মৃত্যু হোৱাতকৈ নাখাই মৰিব লাগিব" বুলি ব্যক্ত কৰিছে লক ডাউন অৱজ্ঞা কৰি ঘৰৰ পৰা ওলাই অহা সাধাৰণ ৰাইজে ৷ যোৰহাটৰ নিৰ্মল চাৰি আলিত পুৱাৰে পৰা বহি আছে লক ডাউনে জুৰুলা কৰা এইসকল দৰিদ্ৰ ব্যক্তিয়ে ৷ কাৰণ দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এই সকল লোকৰ এতিয়া পানীত হাঁহ নচৰা দৰে অৱস্থা ।

লগতে পঢ়কঃপুৰুষৰ যৌন ৰোগে প্ৰভাৱ পেলাব পাৰে হৃদযন্ত্ৰত

ABOUT THE AUTHOR

...view details