যোৰহাট,28 এপ্ৰিলঃ যোৰহাটত লক ডাউন উলংঘা ৰাইজৰ ৷ ৰাজপথলৈ নিজ নিজ কামত স্বাভাৱিক দিনৰ দৰেই ওলাই আহিছে ৰাইজ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘মন কী বাত’ত সামাজিক দুৰত্ব বজাই সকলোকে চলা ফুৰা কৰাৰ লগতে জৰুৰী কাম নহ’লে ঘৰৰ বাহিৰ নোলাবলৈ স্পষ্টকৈ ঘোষণা কৰিছিল ৷ কিন্তু মঙলবাৰে যোৰহাটত দেখা গ’ল ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি ৷
লক ডাউনৰ সম্পূৰ্ণ বিপৰীত ছবি যোৰহাটত - Assam Lock Down
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘মন কী বাত’ত সামাজিক দুৰত্ব বজাই সকলোকে চলা ফুৰা কৰাৰ লগতে জৰুৰী কাম নহ’লে ঘৰৰ বাহিৰ নোলাবলৈ স্পষ্টকৈ ঘোষণা কৰিছিল ৷ কিন্তু মঙলবাৰে যোৰহাটত দেখা গ’ল ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি ৷

লক ডাউনৰ সম্পূৰ্ণ বিপৰীত ছবি যোৰহাটত
যোৰহাটত লক ডাউনৰ সম্পূৰ্ণ বিপৰীত ছবি
উল্লেখ্য যে, চহৰখনত ব্যক্তিগত দুচকীয়া,চাৰিচকীয়া বাহনৰ উপৰিও ৰিক্সা,থেলা সমূহেও ভাড়া মাৰি ফুৰিছে ৷ ইয়াৰ উপৰিও ট্ৰেফিক পইন্টত কৰ্তব্যৰত হৈ আছে মাত্ৰ এজন ট্ৰেফিক পুলিচ ৷ দেশত প্ৰতিদিনে কৰ’ণাৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ সময়তেই যোৰহাট প্ৰশাসনৰ এনে ধৰণৰ গা এৰা কাৰ্যই এতিয়া ৰাজ্যৰ সচেতন মহলক চিন্তিত কৰি তুলিছে ৷
লগতে পঢ়ক-বিটিচিত ৰাজ্যপালৰ শাসনক আদৰণি ইউপিপিএলৰ