অসম

assam

ETV Bharat / state

অৰ্থৰ অভাৱত অকালতে মৰহাৰ পথত এটি প্ৰতিভা

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ পৰা বঞ্চিত হোৱাৰ দিশে এগৰাকী খেলুৱৈ ৷ আৰ্থিক সাহাৰ্য্য আগবঢ়াবলৈ জনাইছে প্ৰাৰ্থনা

By

Published : Apr 30, 2019, 3:03 PM IST

অৰ্থৰ অভাৱত অকালতে মৰহাৰ পথত এটি প্ৰতিভা

যোৰহাট , 30 এপ্ৰিল : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ পৰা বঞ্চিত হোৱাৰ দিশে এগৰাকী খেলুৱৈ ৷অহা ১৫--১৯ মে'লৈকে লণ্ডনৰ মানচেষ্টাৰত অনুষ্ঠিত হ'বলগা বিশ্ব টাইকোৱাণ্ড চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত "ছাই''ৰ সৌজন্যত ভাৰতবৰ্ষৰ হৈ খেলাৰ সুবিধা লাভ কৰিছে তিতাবৰ মাধপুৰ খ্ৰীষ্টান গাঁৱৰ একাদশ শ্ৰেণীৰ যুৱতী দীপিকা হাজৰিকাই।প্ৰয়াত জীৱন হাজৰিকা আৰু ৰঞ্জু হাজৰিকাৰ কন্য়া দীপিকাৰ লণ্ডন যাত্ৰাৰ প্ৰাকমুহূৰ্ত্তত দেখা দিছে আৰ্থিক প্ৰতিবন্ধকতা।পিতৃহীনা দীপিকাৰ মাতৃয়ে বজাৰত দোকান দি অথবা তাঁতশালত কাপোৰ বৈ সেইসমূহ বিক্ৰী কৰি যেনেতেনে দীপিকাৰ এগৰাকী জ্যেষ্ঠ ভগ্নীসহ তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আহিছে যদিও কিন্তু প্ৰতিভাময়ী টাইকোৱাণ্ড খেলুৱৈ গৰাকীৰ লণ্ডন যাত্ৰাৰ বাবে প্ৰয়োজন হোৱা প্ৰায় দুইলাখ টকা জোৰা মাৰিব নোৱাৰাত হতাশ হৈ পৰিছে পৰিয়ালটো । চৰকাৰৰ পৰা কোনো সহাঁৰি লাভ নকৰি অসম বাসীলৈ আশাৰে বাট চাইছে দিপীকাই ৷ ৰাইজৰ অলপ সাহাৰ্য্যই সহায় কৰিব প্ৰতিভাসম্পন্ন খেলুৱৈগৰাকীক আগুৱাই যোৱাত ৷

অৰ্থৰ অভাৱত অকালতে মৰহাৰ পথত এটি প্ৰতিভা
  • নাম : দিপীকা হাজৰিকা
  • একাউণ্ট নম্বৰ 20207296696
  • আই এফ এচ চি : SBIN 0013247
  • এচ বি আই এচ এম ই পল্টন বজাৰ ব্ৰাঞ্চ, জি এছ ৰ'ড

ABOUT THE AUTHOR

...view details