অসম

assam

By

Published : Feb 25, 2019, 2:35 PM IST

ETV Bharat / state

ক্ৰমাৎ হ্ৰাস পাইছে বিষাক্ত সুৰাৰ আতংক

বৰ্তমানেও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ২৪৭ গৰাকী আক্ৰান্ত

সুৰা আতংক

যোৰহাট, ২৫ ফেব্ৰুৱাৰীঃক্ৰমাৎ শাম কটাৰ দিশে বিষাক্ত সুৰাৰ আতংক । ২২ ফেব্ৰুৱাৰীৰ পৰা বিষাক্ত চুলাই সেৱন কৰি গোলাঘাট আৰু যোৰহাটত ডেৰশতকৈ অধিক লোকে প্ৰাণ হেৰুৱাৰ পাচত বৰ্তমানে কিছু শাম কাটিছে সুৰাৰ আতংক । যদিও তাৰ মাজতে নতুনকৈ উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আহি আছে আক্ৰান্ত ৰোগী। চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমানেও চিকিৎসাধীন হৈ আছে ২৪৭ গৰাকী আক্ৰান্ত ৰোগী । ইয়াৰে ২২০ গৰাকী পূৰুষ, ২৭ গৰাকী মহিলা । মহিলাসকলৰ ভিতৰত যোৰহাট জিলাৰ ১৭ গৰাকী আৰু গোলাঘাট জিলাৰ ১৬ গৰাকী আৰু পুৰুষৰ ভিতৰত যোৰহাটৰ জিলাৰ ১৪৫ গৰাকী আৰু ৭৫ গৰাকী গোলাঘাট জিলাৰ । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৭৮ জনৰ । ইয়াৰ ভিতৰত ২২ জনে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাতে আদবাটতে মৃত্যুক আঁকোৱালি লৈছিল বুলি জানিবলৈ দিয়ে চিকিৎসকে । বৰ্তমানেও সংকটজনক ৮ গৰাকী ৰোগীৰ অৱস্থা ।

সুৰা আতংক
আনহাতে অবৈধভাৱে প্ৰস্তুত কৰা চুলাইত "মিথাইল"জাতীয় বিষাক্ত দ্ৰব্য মিহলি হোৱাৰ ফলতে শৰীৰত বিভিন্ন ভয়ানক পাৰ্শ্বক্ৰিয়াসংঘটিত হৈ মৃত্যু মুখত পৰা বুলি উল্লেখ কৰে চিকিৎসকে ।

ABOUT THE AUTHOR

...view details