সুৰা ট্ৰেজেডী : মুকলি কৰা হ'ল ক্ষতিপূৰণৰ ধন - deputy commissioner
মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ ক্ষতিপূৰণ
![সুৰা ট্ৰেজেডী : মুকলি কৰা হ'ল ক্ষতিপূৰণৰ ধন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2605628-719-0ba8af8d-8a31-41ef-a550-c8585fe5ea17.jpg)
যোৰহাট, ৪ মাৰ্চ : বিষাক্ত সুৰা সেৱন কৰি যোৰহাট আৰু গোলাঘাটত মৃত্যু হোৱা ডেৰ শতাধিক লোকৰ মাজত যোৰহাটৰ ৬০ জন মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণৰ ধন মুকলি । যোৰহাট জিলা উপায়ুক্ত ৰৌচনী অপৰাঞ্জেয় কৰাটীয়ে এক সংবাদমেলযোগে কথা অৱগত কৰে এই কথা । মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ ইতিমধ্যে মুকলি কৰি দিয়াৰ লগতে বহু হিতাধিকাৰিৰ বেংকৰ একাউন্ট নথকাৰ বাবে এই ধন দিব পৰা হোৱা নাই বুলিও মত প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে । ইপিনে সুৰা ট্ৰেজেডীৰ তদন্তৰ প্ৰতিবেদন এতিয়াও ৰাজহ চক্ৰ বিষয়া মিতালী লাহনে দাখিল নকৰাৰ কথা উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ।