অসম

assam

সান্ধ্য আইনৰ মাজতে যোৰহাটত সুৰাৰ ৰমৰমীয়া বেহা

By

Published : May 10, 2021, 10:22 AM IST

সান্ধ্য আইনৰ মাজতে যোৰহাটত সংঘটিত হ'ল আজৱ কাণ্ড ৷ দেওবাৰে যোৰহাটৰ নিউভিল ৰোডৰ এখন হোটেলত চাটাৰ বন্ধ কৰি সুৰাৰ ব্যৱসায় চলাই থাকোতেই যোৰহাট আৰক্ষীয়ে হাতে-লোটে ধৰিলে হোটেলৰ মালিক আৰু সুৰাৰ আদ্দাত বহা যুৱকক। অভিযানত 4 জন যুৱকসহ 4 খন বাইক জব্দ কৰিলে আৰক্ষীয়ে ৷

সান্ধ্য আইনৰ মাজতে যোৰহাটত সুৰাৰ ৰমৰমীয়া বেহা
সান্ধ্য আইনৰ মাজতে যোৰহাটত সুৰাৰ ৰমৰমীয়া বেহা

যোৰহাট, 10 মে':মহামাৰী কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে দিনৰ দুই বজাৰ পৰা জাৰি কৰিছে সান্ধ্য আইন ৷ জৰুৰীকালিন সেৱাৰ বাহিৰে আন সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ দিয়াৰ পাচতো যোৰহাটত একাংশ অসচেতন লোকে ভংগ কৰিলে চৰকাৰে জাৰি কৰা সকলো নিৰ্দেশনা ৷ সান্ধ্য আইনৰ মাজতে যোৰহাটত সংঘটিত হ'ল আজৱ কাণ্ড ৷

সান্ধ্য আইনৰ মাজতে যোৰহাটত সুৰাৰ ৰমৰমীয়া বেহা
সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে যোৰহাটত চলাইছে সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ 6 বজাৰ পাচত হোটেলৰ শ্বাটাৰ বন্ধ ৰাখি সুৰাৰ ব্যৱসায় চলাই আছে একাংশ হোটেলৰ মালিকে ৷ দেওবাৰে যোৰহাটৰ নিউভিল ৰোডৰ এখন হোটেলত শ্বাটাৰ বন্ধ কৰি সুৰাৰ ব্যৱসায় চলাই থাকোতেই যোৰহাট আৰক্ষীয়ে হাতে-লোটে ধৰিলে হোটেলৰ মালিক আৰু সুৰাৰ আদ্দাত বহা যুৱকক। অভিযানত 4 জন যুৱকসহ 4 খন বাইক জব্দ কৰিলে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details