অসম

assam

ETV Bharat / state

তিতাবৰত সুৰাৰ ৰমৰমীয়া ব্যৱসায়ঃ আটক 1 - ব্যৱসায়

তিতাবৰ মহকুমা আৰক্ষী বিষয়া নেতৃত্বত যোৱা আৱকাৰী দলে মাধপুৰ আৰক্ষী চকীৰ অন্তর্গত লাইট নামচুঙী গাঁৱত অভিযান চলাই নন্দ কছাৰী নামৰ এজন ব্যক্তিক আটক কৰে

তিতাবৰত সুৰাৰ ৰমৰমীয়া ব্যৱসায়ঃ আটক 1

By

Published : Jun 15, 2019, 6:50 PM IST

তিতাবৰ,15 জুনঃ তিতাবৰ অলিয়ে গলিয়ে এতিয়াও অব্যাহত সুৰাৰ ৰমৰমীয়া ব্যৱসায় । অনুজ্ঞাপত্ৰবিহীনভাৱে এতিয়াও চলি আছে দেশীয় সুৰাৰ ব্যৱসায় । তিতাবৰ সুৰাৰ বিপনী পৰা দেশীয় সুৰা কিনি আনি অধিক দামত অসাধু ব্যৱসায়ী দেশীয় সুৰা বিক্রী কৰি চলাই আছে সুৰা ৰমৰমীয়া ব্যৱসায় । শেহতীয়াকৈ তিতাবৰ মহকুমা আৰক্ষী বিষয়া নেতৃত্বত যোৱা আৱকাৰী দলে মাধপুৰ আৰক্ষী চকীৰ অন্তর্গত লাইট নামচুঙী গাঁৱত অভিযান চলাই নন্দ কছাৰী নামৰ এজন ব্যক্তিক আটক কৰে । মস্তি নামৰ দেশীয় সুৰা বিধ কেৱল সুৰাৰ বিপণীত বিক্ৰীৰ অনুমতি আছে কিন্তু অবৈধ সুৰাৰ ব্যৱসায় চলাই থকা সকলৰ হাতত কেনেকৈ বৃহৎ পৰিমাণৰ মস্তি নামৰ দেশীয় সুৰা পোৱা গ’ল তাকে লৈ তিতাবৰত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । অসম চৰকাৰে সুৰাৰ বিপনী তথা অবৈধ সুৰাৰ বেহা কৰা ব্যৱসায়ী সকলৰ ওপৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া পুনৰ তিতাবৰত চুলাই ট্ৰেজেটী দৰে ঘটনা সংঘটিত হ’ব বুলি ৰাইজে আশংকা কৰিছে ।

তিতাবৰত সুৰাৰ ৰমৰমীয়া ব্যৱসায়ঃ আটক 1

ABOUT THE AUTHOR

...view details