যোৰহাট, 2 চেপ্তেম্বৰঃ ৬৩ টা বছৰ অতিক্ৰম কৰিলে ভাৰতীয় জীৱন বীমা নিগমে ৷ 1 ছেপ্টেম্বৰ 2019 তাৰিখে 63 টা বছৰ অতিক্ৰম কৰি 64 তম বৰ্ষত খোজ পেলাইছে প্ৰতিষ্ঠানটোৱে । 1956 চনত মাত্ৰ 5 কোটি টকা মূলধনৰে গঠিত ভাৰতীয় জীৱন বীমা নিগমৰ বৰ্তমান সম্পদৰ পৰিমাণ 31,11,847,28 কোটি টকা আৰু লাইফ ফান্ড 28,28,330.12 কোটি টকা বুলি মন্তব্য কৰে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই । আনহাতে, 168 টা কাৰ্যালয়েৰে আৰম্ভ কৰা প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ৰ সংখ্যা 4851 টা ।
64বছৰীয়া হ'ল ভাৰতীয় জীৱন বীমা নিগম
বিগত 2018-19 বিত্তীয় বৰ্ষৰ শেষত বীমা প্ৰতিষ্ঠানটোৱে ব্যক্তিগত বীমাৰ ক্ষেত্ৰত 32 খনকৈ আঁচনি গ্ৰহণ কৰিছিল । বৰ্তমান 1লাখতকৈয়ো অধিক বিভিন্ন স্তৰৰ কৰ্মচাৰী, 11.79 লাখ অভিকৰ্তা আৰু 29.09 কোটি সক্ৰিয় বীমা প্ৰত্ৰ আছে বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন নিগমৰ ৷
63 টা বছৰ অতিক্ৰম LIC ৰ
উল্লেখযোগ্য যে, বিগত 2018-19 বিত্তীয় বৰ্ষৰ শেষত বীমা প্ৰতিষ্ঠানটোৱে ব্যক্তিগত বীমাৰ ক্ষেত্ৰত 32খন আঁচনি গ্ৰহণ কৰিছিল । বৰ্তমান 1লাখত কৈয়ো অধিক বিভিন্ন স্তৰৰ কৰ্মচাৰী, 11.79 লাখ অভিকৰ্তা আৰু 29.09 কোটি সক্ৰিয় বীমা প্ৰত্ৰ আছে বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন নিগমৰ । সোমবাৰে যোৰহাটৰ ৰজাবাৰীস্থিত মাণ্ডলিক কাৰ্যালয়ত 63 তম বীমা সপ্তাহত সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰী কৰিলে জ্যেষ্ঠ মাণ্ডলিক প্ৰবন্ধক প্ৰকাশ মিশ্ৰই ।