অসম

assam

By

Published : Dec 11, 2021, 7:54 PM IST

ETV Bharat / state

Leopard at Mariani: নাহৰফুটুকীৰ আতংকই কঁপাইছে মৰিয়নি

দুদিন ধৰি নাহৰফুটুকীৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে মৰিয়নিবাসীৰ (Leopard scaring people by roaming at Mariani) ৷ বৰ্তমানলৈকে নাহৰফুটুকীটোৱে 10 জনকৈ লোকক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছে ৷

leopard scaring people by roaming at mariani
নাহৰফুটুকীৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে মৰিয়নিবাসী

মৰিয়নি, 11 ডিচেম্বৰ : মৰিয়নিৰ নকছাৰী তিৰুৱালত দুদিন ধৰি বিৰাজ কৰিছে নাহৰফুটুকীৰ আতংক (Leopard scaring people by roaming at Mariani) ৷ শুকুৰবাৰে নাহৰফুটুকীটোৱে এটোৱা ওৰাং আৰু সোণটো ঘাটোৱাল নামৰ দুজন ব্যক্তিক আহত কৰে ৷ ইয়াৰ পূৰ্বেও 9 ডিচেম্বৰৰ দিনটোত নাহৰফুটুকীটোৰ আক্ৰমণত ৰিজুমনি গগৈ নামৰ এগৰাকী যুৱতীৰ লগতে সঞ্জীৱ নায়ক নামৰ লোকজন আঘাত প্ৰাপ্ত হৈছিল ৷

বাঘৰ আতংকই কঁপাইছে মৰিয়নি

তিৰুৱালৰ এখন ক্ষুদ্ৰ বাগিচাত বিচৰণ কৰি ফুৰা নাহৰফুটুকীটোৱে বৰ্তমানলৈকে 10 জনকৈ লোকক আঘাতপ্ৰাপ্ত কৰিছে (Leopard attacked 10 persons till now) ৷ সমগ্ৰ তিৰুৱালতে এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ নাহৰফুটুকীটো কৰায়ত্ব কৰাৰ যুঁজখনত গঞাৰ হাতত নাহৰফুটুকীও আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি ইতিমধ্যে আহি পৰিছে ৷

বাঘৰ আতংকই কঁপাইছে মৰিয়নি

বন-বিভাগৰ দলেও বৰ্তমানলৈকে নাহৰফুটুকীটো ধৰিবলৈ সক্ষম হোৱা নাই ৷ 10 জনকৈ লোকক আক্ৰমণ কৰা নাহৰফুটুকীটোক গুলীয়াই মাৰিবলৈ অনুৰোধ কৰিছে তিৰুৱালৰ আতংকিত ৰাইজে ৷

লগতে পঢ়ক:Leopard Attacke at Mariani : নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন

ABOUT THE AUTHOR

...view details