টীয়ক,১৫ মে': চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ ইতিহাস বিভাগৰ উদ্যোগত শনিবাৰে মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰঞ্জিত ৰঞ্জন শইকীয়া সোঁৱৰণি দ্বিতীয় স্মাৰক বক্তৃতা অনুষ্ঠানটো মহাবিদ্যালয়ৰ পোনাৰাম গগৈ সভাকক্ষত অনুষ্ঠিত হয়(Lecture programme at Chandra Kamal Bezbaruah College) । অসমীয়া জাতি আৰু ইয়াৰ ঐতিহ্য(Assamese nation and its heritage) শীৰ্ষক বিষয়ত অনুষ্ঠিত হয় এই বক্তৃতা অনুষ্ঠান ।
উক্ত অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক তথা অসমৰ অন্যতম বুদ্ধিজীৱী ড° চন্দন কুমাৰ শৰ্মা মুখ্যবক্তা হিচাপে উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ৰ ওপৰত আলোকপাত কৰে । তেঁও কয় যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো অতি বৃহৎ । ঠিক সেইদৰে ইয়াৰ ঐতিহ্যও অপৰিসীম ।
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ফলশ্ৰুতিত বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে আৰু সেয়ে ইয়াৰ ঐতিহ্য বহু সুকীয়া আৰু আকৰ্ষণীয় । ইফালে মহাবিদ্যালয়ৰ ৰেক্টৰ সুনীল কুমাৰ ভট্টাচাৰ্যই সভাপতিত্বত কৰে উক্ত অনুষ্ঠানটো । অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড° বিকাশ নাথে ।
এই বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° বিনয়ব্ৰত ৰাজখোৱা উপস্থিত থাকি আদৰণি ভাষণ আগবঢ়ায় । উক্ত বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয় কেইবাগৰাকীও প্ৰৱক্তা,কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকি অনুষ্ঠানটোৰ সফল সমাপ্তি ঘটায় ।
লগতে পঢ়ক:ৰাজ্যৰ ভিতৰতে হাফলঙত সৰ্বাধিক পৰিমাণৰ ২৩ ছেণ্টিমিটাৰ বৃষ্টিপাত