অসম

assam

ETV Bharat / state

যোৰহাট উকিল সন্থাৰ নৱনিৰ্মিত ভৱন আৰু পদসেতুৰ আধাৰশিলা স্থাপন - উকিল সন্থাৰ নৱনিৰ্মিত ভৱন আৰু পদসেতুৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ চহৰ আৰু নগৰ আন্তঃগাঠনিৰ উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা হ'ব যোৰহাট উকিল সন্থাৰ নৱনিৰ্মিত ভৱন আৰু পদসেতু ৷ সোমবাৰে ভৱন আৰু পদসেতুৰ আধাৰশিলা স্থাপন কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

যোৰহাট উকিল সন্থাৰ নৱনিৰ্মিত ভৱন আৰু পদসেতুৰ আধাৰশিলা স্থাপন
যোৰহাট উকিল সন্থাৰ নৱনিৰ্মিত ভৱন আৰু পদসেতুৰ আধাৰশিলা স্থাপন

By

Published : Feb 23, 2021, 6:37 PM IST

Updated : Feb 23, 2021, 8:03 PM IST

যোৰহাট,23 ফেব্ৰুৱাৰী:সোমবাৰে যোৰহাট উকিল সন্থাৰ নৱনিৰ্মিত ভৱন আৰু পদসেতুৰ আধাৰশিলা স্থাপন কৰে যোৰহাট সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ চহৰ আৰু নগৰ আন্তঃগাঠনি উন্নয়ন পুঁজিৰ প্ৰায় 11.60 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই ভৱন আৰু পদসেতু ৷ উকিল সন্থাৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাত উৎফুল্লিত হোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে কৰ্মচাৰী সকল ৷

যোৰহাট উকিল সন্থাৰ নৱনিৰ্মিত ভৱন আৰু পদসেতুৰ আধাৰশিলা স্থাপন

উল্লেখ্য যে, প্ৰায় 150 বছৰীয়া এই ভৱনটো ইতিমধ্যে জহি খহি যোৱাত পুনৰ নিৰ্মাণৰ সময় আহি পৰিছিল ৷ ঠিক তেনে সময়তে চৰকাৰী আঁচনিৰে ভৱনটো নিৰ্মাণৰ কাম হাতত লোৱাত চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে আগন্তুক দুটা বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰিছে যোৰহাট উকিল সন্থাৰ সভাপতি অধিবক্তা ৰিন্টু গোস্বামীয়ে ৷

লগতে পঢ়ক:কণ্টেইনমেণ্ট জ'নত পৰিণত ডিব্ৰুগড় বিশ্ববিদ্যালয়

Last Updated : Feb 23, 2021, 8:03 PM IST

ABOUT THE AUTHOR

...view details