অসম

assam

ETV Bharat / state

ক্ৰমাৎ সুস্থিৰ হৈছে যোৰহাটৰ ক'ভিড পৰিস্থিতি - যোৰহাট জিলাৰ ক'ভিড সম্পৰ্কীয় শেহতীয় তথ্য

ক্ৰমাৎ সাধাৰণ অৱস্থালে আহিছে যোৰহাট জিলাৰ ক'ভিড পৰিস্থিতি ৷ জিলাখনত বৰ্তমান ক'ভিড আক্ৰান্ত হাৰ 1 শতাংশ ৷ তদুপৰি যোৰহাটত ৬৮.৮৮ শতাংশ লোকক প্ৰথম পালি আৰু ১৫.৪৮ শতাংশ লোকক দ্বিতীয় পালি ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

latest covid updates of jorhat district
যোৰহাট জিলাৰ ক'ভিড সম্পৰ্কীয় শেহতীয় তথ্য...

By

Published : Jul 31, 2021, 7:39 PM IST

যোৰহাট, 31 জুলাই :ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাতো অব্যাহত আছে ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান ৷ যোৰহাট জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ তৎপৰতাত জিলাখনৰ বিভিন্ন ঠাইত ভেকচিন প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ কেৱল ভেকচিন প্ৰদানৰ কাৰ্যসূচীয়ে নহয় ক'ভিডৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনসজাগতা কাৰ্যসূচীও গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

যোৰহাট জিলাৰ ক'ভিড সম্পৰ্কীয় শেহতীয় তথ্য...

যোৰহাট জিলা প্ৰশাসনৰ তথ্য অনুসৰি, যোৰহাটত ৬৮.৮৮ শতাংশ লোকক প্ৰথম পালি আৰু ১৫.৪৮ শতাংশ লোকক দ্বিতীয় পালি ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ সমগ্ৰ জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ এলেকাত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । পঞ্চায়ত এলেকাসমূহৰ বিভিন্ন বিদ্যালয় গৃহত ৰাইজৰ সুবিধাৰ্থে প্ৰথম আৰু দ্বিতীয় পালি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷

জিলাখনৰ ৩ লাখ ৪৫ হেজাৰ ৫০৬ গৰাকী লোকক ইতিমধ্যে প্ৰথম পালি ভেকচিন দিয়া হৈছে ৷ ইয়াৰ লগতে ৭৭ হেজাৰ ৬৫৪ গৰাকী লোকক দ্বিতীয় পালি ভেকচিন দিয়া হৈছে । যোৰহাট নগৰৰ তিনিটা স্থানত স্থায়ী ভেকচিন কেন্দ্ৰ স্থাপন কৰা হৈছে ৷

উল্লেখ্য যে, যোৰহাট জিলাত ক'ভিডে কালৰূপ ধাৰণ কৰিছিল যদিও বৰ্তমান জিলাখনৰ ক'ভিড পৰিস্থিতি সাধাৰণ অৱস্থালৈ ঘূৰি আহিছে ৷ জিলাখনত বৰ্তমান ক'ভিডত আক্ৰান্তৰ হাৰ মাত্ৰ 1 শতাংশ ৷ যোৰহাট জিলাত ক'ভিডৰ দ্বিতীয়টো ঢৌত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে 3338 গৰাকী ৷

ইফালে জিলাখনত বৰ্তমান ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে 1576 গৰাকী ৷ ইয়াৰ বিপৰীতে ক'ভিডত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে 1752 গৰাকী ৷ জিলাখনত 10 গৰাকী ক'ভিড ৰোগী মৃত্যু হৈছে ৷

লগতে পঢ়ক:ক’ত কেনেদৰে লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল ?

ABOUT THE AUTHOR

...view details