যোৰহাট, ১৫ অক্টোবৰ:যোৰহাটত পুনৰ দুৰ্নীতি নিবাৰক আৰু তদাকাৰী শাখাৰ হাতত গ্ৰেপ্তাৰ দুৰ্নীৰ্তিগ্ৰস্ত লাট মণ্ডল (Lat Mandal arrested in Jorhat)। যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ (Jorhat West Revenue Circle) লাট মণ্ডল আব্দুল বাকি শ্বেখক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই (Directorate of Vigilance and Anti Corruption) এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।
ইতিমধ্যে শ্বেখৰ লিচুবাৰী মানিক নগৰৰ এটা ভাড়া ঘৰত তালাচী অব্যাহত ৰাখিছে দুৰ্নীতি নিৰ্বাৰক শাখাই । মাটি নামজাৰিৰ নামত লাট মণ্ডলজনে উৎকোচ গ্ৰহণ কৰিছিল । ইতিমধ্যে শ্বেখৰ ভাড়া ঘৰৰ পৰা দুৰ্নীতি নিবাৰক শাখা আৰু তদকাৰী শাখাই ৭২ হাজাৰ টকা উদ্ধাৰ কৰিছে ।
ইপিনে, যোৱা মঙলবাৰে উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল খোদ গৃহৰগৃক্ষী জোৱান ৷ গৰুৰ চোৰাং সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে গৃহৰক্ষী জোৱান । কলিয়াবৰ আৰক্ষী থানাৰ (Kaliabor Police Station) গৃহৰক্ষী জোৱান মকবুল হুছেইনক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল উৎকোচ লোৱাৰ অপৰাধত ৷
ইয়াৰ পূৰ্বেও কলিয়াবৰত নৈশ বাছেৰে গৰুৰ চোৰাং সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আখতাৰা বেগম নামৰ এগৰাকী মহিলা (Cattle smuggling at Kaliabor)। মহিলাগৰাকীক গ্ৰপ্তাৰ কৰাৰ লগতে গৰুসহ জব্দ কৰা হৈছিল নৈশ বাছখন ৷ আটকাধীন মহিলাগৰাকীক মুকলি কৰি দিয়াৰ দ্বায়িত্ব লৈছিল গৃহৰক্ষী জোৱান মকবুল হুছেইনে ।