অসম

assam

ETV Bharat / state

লেজাৰৰ দ্বাৰা সিৰাৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন যোৰহাটৰ চিকিৎসকৰ - সিৰাৰ অস্ত্ৰোপচাৰ

অত্যাধুনিক লেজাৰ  অস্ত্ৰোপচাৰৰ দ্বাৰা এটা দিনৰ ভিতৰতে ৰোগীয়ে পুনৰ সুস্থ জীৱন যাপন কৰিব পাৰে।

লেজাৰৰ দ্বাৰা সিৰাৰ অস্ত্ৰোপচাৰ সম্পন্ন যোৰহাটৰ চিকিৎসকৰ

By

Published : May 30, 2019, 8:02 PM IST

যোৰহাট,30 মে' : ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰলৈ আশাৰ ৰেঙনি। পোন প্ৰথমবাৰৰ বাবে লেজাৰৰ দ্বাৰা সিৰাৰ অস্ত্ৰোপচাৰ। যি সময়ত সু-চিকিৎসাৰ অভাৱত বহু ৰোগীয়ে বহি:ৰাজ্যলৈ ঢাপলি মেলিছে,সেই সময়তে যোৰহাটৰ এগৰাকী চিকিৎসকে ৰাজ্যখনৰ চিকিৎসা ক্ষেত্ৰলৈ আনিছে আশাৰ ৰেঙনি। উল্লেখ্য যে,ভেৰিকেজ ভেন (সিৰা গোট মৰা ৰোগ)নামৰ ৰোগ বিধে সাধাৰণতে বহু ৰোগীৰ জীৱন প্ৰণালীত ব্যাঘাত জন্মাই আহিছে। বিশেষকৈ বংশগতভাৱে এই ৰোগ হয় যদিও আধুনিক জীৱন নিৰ্বাহ শৈলীৰ কাৰণেও ৰাজ্যত এই সিৰা গোট মৰা ৰোগবিধ ব্যাপক হাৰত বৃদ্ধি পাইছে। এই ৰোগৰ চিকিৎসা পদ্ধতি যথেষ্ট জটিল, কিয়নো মুক্ত অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'লে ৰোগীয়ে বহু দিনৰ কাৰণে বিশ্ৰাম ল'বলগীয়া হয়। কিন্তু অত্যাধুনিক লেজাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা এটা দিনৰ ভিতৰতে ৰোগীয়ে পুনৰ সুস্থ জীৱন যাপন কৰিব পাৰে।

লেজাৰৰ দ্বাৰা সিৰাৰ অস্ত্ৰোপচাৰ সম্পন্ন যোৰহাটৰ চিকিৎসকৰ

এই ক্ষেত্ৰত যোৰহাটৰ জীয়ৰী ডঃ নিলু মালপানী ধুতয়ে যোৰহাটৰ মালপানী নাৰ্ছিংহোমতে এই ৰোগৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে। যোৰহাট চহৰৰ অঞ্জু দেৱী নামৰ ৰোগী গৰাকীক যোৱা ২৬ মে'ত যোৰহাটতে অস্ত্ৰোপচাৰ সম্পন্ন কৰি সুস্থ কৰি তুলিবলৈ সক্ষম হয় ডঃ নিলু মালপানী ধুতয়ে। চিকিৎসক গৰাকীয়ে জনোৱা মতে, এক মাত্ৰ মুম্বাইতহে এই অত্যাধুনিক লেজাৰ জেনেৰেটৰ সঁজুলিটো উপলব্ধ হয়। কিন্তু চিকিৎসক গৰাকীৰ অনুৰোধত সুদূৰ মুম্বাইৰ পৰা অত্যাধুনিক সঁজুলি আনি যোৰহাটতে অস্ত্ৰোপচাৰ কৰি যোৰহাট তথা ৰাজ্যখনৰ চিকিৎসাক্ষেত্ৰলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

ABOUT THE AUTHOR

...view details