মৰিয়নিত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ সুৰা যোৰহাট, 12 এপ্ৰিল:কুম্ভকৰ্ণ নিদ্ৰাত শুই থকা ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হ'ল আবকাৰী বিভাগ ৷ কাৰণ আবকাৰী বিভাগে কৰিব লগীয়া কাম কৰিবলগা হয় আৰক্ষীয়ে ৷
এইবাৰ মৰিয়নিত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ মংগলবাৰে নিশাৰ ভাগত মৰিয়নি আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰাৰ ৷ AS 03 AG 5682 নম্বৰৰ EECO বাহনত মৰিয়নিৰ পৰা নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে মৰিয়নি আৰক্ষীয়ে সুৰাসহ জব্দ কৰে বাহনখন ৷ লগতে সুৰা সৰবৰাহৰ লগত জড়িত সুমন চেতিয়া আৰু উপেন কৈৰী নামৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Large number of liquor seized at Mariani) ৷
ঘটনা অনুসৰি ভৰত মিলি নামৰ এটা অবৈধ সুৰা বেপাৰীৰ নেতৃত্বত আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি আটকাধীন দুই ধৃত ব্যৱসায়ীয়ে মৰিয়নিৰ বিভিন্ন সুৰা বিপনীক মেনেজ কৰি কাষৰীয়া নাগালেণ্ডলৈ সৰৱাহ কৰি আহিছিল অৱৈধ সুৰা ৷ কিন্তু এইসকল সুৰা বেপাৰীৰ কৌশলত আউল লগালে মৰিয়নি আৰক্ষীয়ে ৷ মংগলবাৰে নিশা গোপন সূত্ৰৰ পম খেদি মৰিয়নি আৰক্ষীৰ এটা দলে অসম-নাগালেণ্ড সীমান্তৱৰ্তী নিজৰাপাৰা নামৰ ঠাইত এখন গাড়ীসহ লক্ষাধিক টকাৰ সুৰাৰ লগতে দুটা সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি আন দুটা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় (liquor seized in Mariani) ৷
ইতিমধ্যে অবৈধ সুৰা ভৰ্তি গাড়ীখন মৰিয়নি থানাত জব্দ কৰি ৰখা হৈছে ৷ আবকাৰী আইন অনুসৰি এইসকল অবৈধ সুৰা সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছে মৰিয়নি আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে আবকাৰী বিভাগক মেনেজ কৰি একাংশ লোকে মৰিয়নিৰ বিভিন্ন প্ৰান্তত তথা চাহ বাগিচা অঞ্চলত একাংশ অসাধু ব্যৱসায়ীয়ে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে আৰু মৰিয়নিৰ পৰাই কাষৰীয়া ৰাজ্য নাগালেণ্ডলৈ সুৰা সৰবৰাহ কৰি আহিছে ৷
লগতে পঢ়ক:Drugs Seized: মহানগৰীৰ ISBTত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ