অসম

assam

ETV Bharat / state

Land mafia in Jorhat : যোৰহাটত বলপূৰ্বকভাৱে শ্যাম বাবাৰ মন্দিৰ নিৰ্মাণৰ চেষ্টা ভূ-মাফিয়াৰ - কৃষি ভূমি পৰিৱৰ্তনত নামি পৰিছে বহিৰাগত ভূ মাফিয়া

কৃষি ভূমি পৰিৱৰ্তনত নামি পৰিছে বহিৰাগত ভূ-মাফিয়া (Land mafia illegally converting an agricultural land)। বলপূৰ্বকভাৱে শ্যাম বাবাৰ মন্দিৰ নিৰ্মাণ চেষ্টা এটা দালাল বাহিনীৰ । যাক লৈ এতিয়া সংকিত হৈ পৰিছে যোৰহাট চেঙেলী গাঁৱৰ ৰাইজ ৷ উপায়ন্তৰ হৈ গাঁৱৰ ভিতৰত মন্দিৰ-গুদাম স্থাপন বিৰোধিতাৰে উপায়ক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে চেঙেলী গাঁওবাসীয়ে ৷

Land mafia in Jorhat
খিলঞ্জীয়া ৰাইজৰ ওপৰত বহিৰাগত দাদাগিৰি

By

Published : May 30, 2023, 5:21 PM IST

খিলঞ্জীয়া ৰাইজৰ ওপৰত বহিৰাগত দাদাগিৰি

যোৰহাট, 30 মে’ :খিলঞ্জীয়া ৰাইজৰ ওপৰত বহিৰাগত দাদাগিৰি । মৌৰ উপাধি এজন বহিৰাগত ভূমাফিয়াই কেন্দুগুৰি 1 নং চেঙেলী গাঁৱত বলপূৰ্বকভাৱে এটা শ্যাম বাবা মন্দিৰ স্থাপন কৰিবলৈ যো-জা চলাইছে ৷ যাক লৈ এতিয়া অঞ্চলটোৰ সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Land mafia in Jorhat) ।

প্ৰায় এশ শতাংশ বনুৱাৰ বাসস্থান এই গাঁৱখনত স্থানীয় ৰাইজে নামঘৰ থকা বাবে এই স্থানত এনে মন্দিৰ স্থাপনৰ ঘোৰ বিৰোধিতা কৰিছে । কিন্তু এই ব্যৱসায়ীগৰাকীয়ে প্ৰয়োজন হ’লে বজৰং দলৰ সহায় লৈ হ’লেও মন্দিৰ স্থাপন কৰাৰ ভাবুকি প্ৰদান কৰিছে । ইয়াৰে প্ৰতিবাদত যোৱা 20 মে’ত গাঁওখনত এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হৈছিল ।

আনহাতে, এই ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে গাঁওখনৰ ৰাইজে যোৰহাট জিলা উপায়ুক্ত পুলক মহন্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰি মন্দিৰ স্থাপন বন্ধ কৰাৰ দাবী জনাইছিল । জানিব পৰা মতে, মৌৰ উপাধি যোৰহাটৰ এই বহু বিৰ্তকিত ভূ-মাফিয়াগৰাকীয়ে কিছুদিন পূৰ্বে স্থানীয় দালালৰ সহায়ত 1 নং চেঙেলী গাঁৱত প্ৰায় দুকঠা ভূমি ক্ৰয় কৰিছিল (Land mafia illegally converting an agricultural land)।

অলপতে ভূমি পূজন কৰি তেওঁ উক্ত স্থানত এটা শ্যাম মন্দিৰ স্থাপন কৰাৰ হ’ব বুলি ঘোষণা কৰে । অসমীয়া বসতি প্ৰধান গাঁৱখনৰ ভিতৰুৱা স্থানত মন্দিৰ স্থাপন হ’ব বুলি খবৰ ওলোৱাৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । ৰাইজৰ তীব্ৰ বিৰোধিতা স্বত্ত্বেও এই মৌৰ উপাধি ভূ-মাফিয়াজনে মন্দিৰ স্থাপন কৰাৰ হ’ব বুলি হুমকি দিয়ে ।

স্থানীয় লোকৰ অভিযোগ মতে এই ভূ-মাফিয়াগৰাকীয়ে প্ৰথমে অঞ্চলটোত এটা মন্দিৰ স্থাপনৰ আচিলা লৈ পিচত এটা গুদাম স্থাপনৰহে পৰিকল্পনা কৰিছে । গতিকে অত্যন্ত ঠেক বাট-পথৰ বাবে অঞ্চলটোত মন্দিৰ, গুদাম আদি স্থাপন হ’লে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ ভয়াৱহ অৱস্থা সৃষ্টি হ’ব । সেয়েহে বৃহত্তৰ গাঁৱৰ ৰাইজে কোনোপধ্যে উক্ত অঞ্চলত মন্দিৰ আৰু গুদাম ঘৰ স্থাপন কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে ।

ইয়াত যদি গুদাম ঘৰ স্থাপন কৰে তেতিয়া হ’লে অঞ্চলটো প্ৰদূষিত হৈ পৰাৰ লগতে কৃষি ভূমিতো বিৰূপ প্ৰভাৱ পৰিব । সেয়েহে এই সন্দভত স্থানীয় ৰাইজে উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে গাঁৱৰ ৰাইজে। অভিযোগ উঠা মতে দুগৰাকীমান অধিবক্তা আৰু এটা দালাল চক্ৰৰ সহযোগত মৌৰ উপাধি ভূ-মাফিয়াটোৱে যোৰহাট গাঁৱে-ভূঞে ক্ৰয় কৰিছে বিঘাই বিঘাই কৃষি ভূমি ।

পূৱ আৰু পশ্চিম ৰাজহ চক্ৰৰ একাংশ দুনীতি পৰায়ণ মণ্ডলৰ সহযোগত এই ভূ-মাফিয়াই আনকি কৃষিভূমি শ্ৰেণী পৰিৱৰ্তন কৰি এনে ভূমি ক্ৰয় বিক্ৰয় কৰি কোটি কোটি টকা উপাৰ্জন কৰিছে । শেহতীয়াভাৱে ভূ-মাফিয়াৰ দপদপনি ইমানেই বৃদ্ধি পাইছে যে যোৰহাট 1 নং চেঙেলী গাঁৱৰ দৰে এশ শতাংশ অসমীয়া লোকৰ বসতি থকা স্থানত বজৰং দলৰ সহায়ত শ্যাম বাবা মন্দিৰ স্থাপন কৰিমেই বুলি ভাবুকি দিবলৈ সাহস কৰিছে ভূ-মাফিয়াই ।

সেয়েহে সময় থাকোতে যদি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, তেতিয়া হ’লে অনাগত সময়ত ভূ-মাফিয়াই যে অসমীয়া লোকক অত্যাচাৰ কৰিবলৈ সাহস নকৰিব সেয়া নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক :AYM protest in Lakhimpur : লখিমপুৰত অৰ্ধ উলংগ হৈ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details