অসম

assam

Lampy virus news: লাম্পি ভাইৰাছক লৈ উদ্বিগ্ন কৃষিপ্ৰধান ৰাইজ, শুনক পশু চিকিৎসকৰ মন্তব্য

কৃষিপ্ৰধান ৰাইজ মাজত হাহাকাৰ । ভয়াৱহ ৰূপত ছানি ধৰিছে লাম্পি ভাইৰাছে (Lampy virus news) । কি কয় পশু বিশেজ্ঞই জানি লওক-

By

Published : Jun 2, 2023, 2:14 PM IST

Published : Jun 2, 2023, 2:14 PM IST

ETV Bharat / state

Lampy virus news: লাম্পি ভাইৰাছক লৈ উদ্বিগ্ন কৃষিপ্ৰধান ৰাইজ, শুনক পশু চিকিৎসকৰ মন্তব্য

Lampy virus
লাম্পি ভাইৰাছৰ ভয়াৱহতা

লাম্পি ভাইৰাছ সন্দৰ্ভত বিশেষজ্ঞৰ মন্তব্য

যোৰহাট, 2 জুন :দেশৰ কেইবাটাও প্ৰান্তৰ লগতে বিগত দিনসমূহত ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে "লাম্পি" ৰোগে । লাম্পি ৰোগত আক্ৰান্ত হৈ ৰাজ্যত বিগত দিনসমূহত শ শ পশুধনৰ মৃত্যু হ’বলগীয়া হৈছে (Lampy virus spreads in the State )। যোৰহাটতো গ্ৰাম্যাঞ্চলত এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে গ্ৰাম্যাঞ্চলৰ কৃষিজীৱি পৰিয়ালবোৰ । বিশেষকৈ খেতিৰ সময় আৰম্ভ হোৱাৰ পূৰ্বে শ শ পশুধন এইদৰে লাম্পিৰ ভাইৰাছত আক্ৰান্ত হোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে কৃষক সকলৰ মাজত ।

লাম্পি ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে উত্তৰ পশ্চিম যোৰহাটৰ ঢেকৰগঢ়া খণ্ড পশু চিকিৎসালয়ৰ অধীনৰ মিঠা আমতল, এলেংমৰা, শলমৰা, দ গাঁও, কলবাৰী, বাহফলা, চেঙেলীআতিৰ লগতে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত । ক’ভিড ৰোগৰ দৰে লাম্পি ৰোগে জিলাখনত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত এই ৰোগ প্ৰতিৰোধ তথা ইয়াৰ সম্প্ৰসাৰণ কিদৰে ৰোধ কৰিব পাৰি তাৰ বাবে যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা পশুপালন বিভাগে (Lampy virus news)। বিভাগৰ কৰ্মচাৰী তথা পশু চিকিৎসকসকল বিভিন্ন গোটত ভাগ হৈ জিলাখনৰ বিভিন্ন খণ্ড পৰ্যবেক্ষণ কৰাৰ লগতে এই লাম্পি ৰোগ সন্দৰ্ভত কৃষিজীৱি ৰাইজক সজাগ সচেতন কৰিবৰ বাবে বিভিন্ন সজাগতা সভাৰো অনুষ্ঠিত কৰিছে ৷

আনহাতে যোৰহাট জিলা পশুপালন বিভাগে এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত জিলা পশু পালন বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে কয় যে, লাম্পি ৰোগ সমগ্ৰ ৰাজ্যতে দ্ৰুত গতিত সম্প্ৰসাৰণ হৈছে (Lampy virus in Assam) । যিসমূহ পশুধনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেনে পশুধনৰ মৃত্যু হৈছে, কিন্তু যিসমূহ অলপ স্বাস্থ্যৱান সেইসমূহ পশুধনৰ কোনো অনিষ্ট হোৱা নাই । এই লাম্পি ভাইৰাছৰ সম্প্ৰসাৰণৰ ৰিপ’ৰ্ট যেতিয়া কেন্দ্ৰীয় চৰকাৰে লাভ কৰিলে, তেতিয়া কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীলৈ ইয়াৰ প্ৰতিষেধক প্ৰেৰণ কৰে ।

লাম্পি ভাইৰাছৰ কোনো নিৰ্দিষ্ট ঔষধ নাই ৷ ছাগলীৰ আই হ’লে যি ভেকচিন ব্যৱহৃত হয়, সেই ভেকচিনে এই ভাইৰাছৰ ক্ষেত্ৰত কাম কৰে ৷ গৱেষণাৰ অন্তত এই কথা জানিব পাৰি চৰকাৰে 33 হাজাৰ ড’জ পঠিয়াই দিছে আৰু সেইসমূহ জিলাখনৰ সকলো স্বাস্থ্য খণ্ডতে ভগাই দিয়া হৈছে । ই এক ভাইৰেল বেমাৰ । ইয়াৰ কোনো চিকিৎসা নাই । যিসমূহ পশুধনৰ ভৰি ফুলিছে বা গাত পূজ ওলাইছে সেইসমূহৰ ক্ষেত্ৰত পেইন কিলাৰ, জ্বৰ আদিৰ দৰে ঔষধ দিয়া হৈছে (Lampy virus Jorhat)।

এই ভাইৰাছক লৈ ক্ষেত্ৰ ভিত্তিক অধ্যয়নো কৰা হৈছে (What is Lampy virus) ৷ যিসমূহ পশুধনৰ আইৰ ওলাইছে, সেইসমূহক পৃথকে ৰাখিবলৈ কোৱা হৈছে । পশু চিকিৎসকজনে জানিবলৈ দিছে যে যি ৩৩ হাজাৰ ভেকচিন আহিছিল, সেইয়া প্ৰায় শেষ হৈছে । অধিক ঔষধ বিচাৰি আবেদন কৰাৰ কথাও উল্লেখ কৰে তেওঁ ।

লাম্পি ৰোগ সচৰাচৰ আই ৰোগৰ দৰে । কিন্তু ই ইমান বৃদ্ধি পাইছে যে ইয়াক প্ৰতিৰোধ কৰা অসম্ভৱ হৈ উঠিছে । সেইবাবে কিছু থলুৱা চিকিৎসাও কৰা হৈছে । লগতে কিছুৱে হোমিঅ’ আৰু কিছুৱে এলোপেথিক চিকিৎসা কৰিছে । এই ভাইৰাছে যদি কোনো অংশ ঘাঁ কৰি দিয়ে আৰু সেই ঘাঁ যদি পৰিষ্কাৰ কৰি ৰাখিব পৰা নাযায় তেন্তে এন্টিবায়টিক প্ৰয়োগত অসুবিধাৰ সৃষ্টি হয় বুলিও জানিবলৈ দিয়ে তেওঁ । আনহাতে জিলা পশু পালন বিভাগে এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ৰাইজৰ মাজত বিভিন্ন সজাগতা সভাৰ আয়োজন কৰিছে ।

লগতে পঢ়ক :Drugs seized at Sootea : ইটাখোলাত ড্ৰাগছসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details