অসম

assam

সিংহ যুৱক ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন

By

Published : Jan 20, 2020, 7:54 PM IST

টীয়কৰ ভগামুখত টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ স্বামী অৰ্থাৎ এসময়ৰ অসম চৰকাৰ বিভাগীয় মন্ত্ৰী ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন ৷

টীয়ক
টীয়কত ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন

টীয়ক, 20 জানুৱাৰীঃ টীয়কৰ ভগামুখত সিংহ যুৱক ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন ৷ ১৯৯০ চনৰ আজিৰ দিনটোতেই পথ দুৰ্ঘটনাত মৃত্যু হৈছিল সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ ৷ এসময়ৰ অসম চৰকাৰ বিভাগীয় মন্ত্ৰীৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা ৰাজখোৱাৰ সহৰ্ধমীনি তথা বৰ্তমানৰ টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই স্বামীৰ ৩০ সংখ্যক মৃত্যু তিথি পালন কৰে ৷ সোমবাৰে দলীয় ভালেসংখ্যক বিষয়ববীয়া তথা অঞ্চলৰ ৰাইজৰ সহিতে টীয়কৰ ভগামুখস্থিত সমাধিস্থলিত উপস্থিত হৈ তেওঁৰ মূৰ্তিত মাল্য অৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এক স্মৃতিচাৰণ সভা অনুস্থিত কৰে ৷

টীয়কত ললিত ৰাজখোৱাৰ ৩০ সংখ্যক মৃত্যু তিথি পালন


উল্লেখ্য যে, আপোচবিহীন কণ্ঠ, সাহসী প্ৰতিভা ৰাজখোৱাৰ দৰে বিশাল হৃদয়ৰ গৰাকী সেই সময়তো বিৰল আছিল । নিৱনুৱাক সংস্থাপন আৰু সামগ্ৰীক উন্নয়নক ব্ৰত হিচাপে লৈ অতি কমদিনৰ ভিতৰতে টীয়কত জিলিকি থকা ৯০% স্মাৰক গঢ় দিছিল ৷

আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details