অসম

assam

ETV Bharat / state

শংকৰ সংঘৰ বৈষ্ণৱ সকল অসমীয়া হয়নে নহয় সন্দেহজনক : লক্ষ্মীনাথ তামুলী

যোৰহাটৰ কল্যাণী ৰংগমঞ্চত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আয়োজিত জন-সমাৰোহ অনুষ্ঠান

শংকৰ সংঘৰ বৈষ্ণৱ সকল অসমীয়া হয়নে নহয় সন্দেহজনক : লক্ষ্মীনাথ তামুলী

By

Published : Feb 3, 2019, 7:56 PM IST

যোৰহাট, ৩ ফেব্ৰুৱাৰীঃ দেওবাৰে উত্তৰ-পুৱ যোৰহাট জনজাগৰণ মঞ্চৰ উদ্যোগত অনুষ্ঠিত এক জন-সমাৰোহ অনুষ্ঠানত এই মন্তব্য প্ৰাক্তন আই এ এছ বিষয়া তথা বুদ্ধিজীৱী লক্ষ্মীনাথ তামুলীৰ । যোৰহাটৰ কল্যাণী ৰংগমঞ্চত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আয়োজিত কৰা হৈছিল এই জন-সমাৰোহ অনুষ্ঠান ।

শংকৰ সংঘৰ বৈষ্ণৱ সকল অসমীয়া হয়নে নহয় সন্দেহজনক : লক্ষ্মীনাথ তামুলী

এই অনুষ্ঠানতেই এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে লক্ষ্মীনাথ তামুলীয়ে । শংকৰ সংঘৰ বৈষ্ণৱ সকল অসমীয়া হয়নে নহয় সন্দেহ বুলি প্ৰকাশ কৰি কয় অসমীয়া জাতিৰ সংকটৰ সময়ত, নাগৰিকত্ব সংশোধনী বিধেয়কৰ মূল হোতা প্ৰধানমন্ত্ৰী গৰাকী তথা জাতিৰ ঘাতক গৰাকীক আদৰিবলৈ প্ৰস্তুত হৈছে এতিয়া শংকৰ সংঘ ।

ইয়াৰ লগতে সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰি কয় যে, ৯৫ শতাংশ অসমীয়া ৰাইজে এতিয়াও বিধেয়কক লৈ স্পষ্ট নহয় । আনহাতে সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ জুল খাউণ্ডেও শংকৰ সংঘৰ স্থিতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

ABOUT THE AUTHOR

...view details