যোৰহাট, 4 ডিচেম্বৰঃ যোৰহাটত মাইক্ৰ ফাইনেন্স কোম্পানী ফিউজনৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত ৷ ভোটাৰ কাৰ্ড, পেন কাৰ্ড জালিয়াতি কৰি ঋণ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ ফাইনেন্স কোম্পানীটোৰ বিৰুদ্ধে ৷
যোৰহাটৰ ফুকন আলিস্থিত মাইক্ৰ ফাইনেন্স কোম্পানী ফিউজনৰ কাৰ্যালয়ৰ সন্মুখত ভুক্তভোগী মহিলাৰ উত্তাল প্ৰতিবাদ ৷ অৱশেষত মহিলা সকলক দণ্ডাধীশে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাতহে পৰিস্থিতিৰ শাম কাটে ।
যোৰহাটত মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ উল্লেখযোগ্য যে, বৰ্তমানৰ সময়ত যোৰহাটতে প্ৰায় ৩২ টাকৈ মাইক্ৰ ফাইনেন্স কোম্পানীয়ে জিলা খনৰ চুকে-কোণে ব্যৱসায় চলাই আছে । উক্ত মাইক্ৰ ফাইনেন্স কোম্পানীসমুহে গ্ৰাম্য সমাজৰ সহজ-সৰল মহিলাসকলক একপ্ৰকাৰ হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বিশেষকৈ ফিউজন নামৰ মাইক্ৰ ফাইনেন্স কোম্পানীৰ একাংশ বিষয়াই ভোটাৰ কাৰ্ড, পেন কাৰ্ড জালিয়াতি কৰি ঋণ প্ৰদান কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে এই কোম্পানীৰ একাংশ বিষয়াই ঋণ পৰিশোধ তথা আদায়ৰ নামত মহিলাক অশ্লীল ব্যৱহাৰ আনকি ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি ঋণ আদায় কৰে বুলিও আন এক গুৰুতৰ উত্থাপিত হৈছে ৷ কোম্পানীটোৰ উক্ত কামত ক্ষোভিত হৈ উত্তেজিত মহিলা সকলে কোম্পানীটোৰ কাৰ্যালয়ত তলা বন্ধ কায্যসূচী গ্ৰহণ কৰিব আহি এক অনাকাংশিক পৰিস্থিতিৰ সৃষ্টি হয়।
লগতে পঢ়ক- কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু