টীয়ক,২৬ এপ্ৰিল: টীয়কত লাচিত বৰফুকনৰ মৃত্য়ু দিৱস পালন। পোন প্ৰথমবাৰৰ বাবে লাহদৈগড়স্থিত ঐতিহাসিক লাচিত মৈদামত পালন কৰা হয় মৃত্যু দিৱসটি(Lachit Barphukan death anniversary in Teok) । মৃত্যু দিৱসৰ লগত সংগতি ৰাখি লাচিত মৈডাম সংৰক্ষণ সমিতি আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান ।
টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈডামৰ প্ৰাংগণৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুস্থিত কৰা হয় এই অনুষ্ঠান । কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তুফেল জিলানীয়ে আঁতধৰা উক্ত অনুষ্ঠানত লাচিত মৈডাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেন বৰুৱা, বিশিষ্ট বুৰঞ্জীবিদ ড° দয়ানন্দ বৰগোহাঁই, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ।