গোৱালপাৰা, 1 মেঃ শুকুৰবাৰে আৰ্তজনৰ মাজত খাদ্য সমগ্ৰী বিতৰণ কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰৱক্তা মজবুল হওক চৌধুৰীয়ে। জিলাখনৰ শ্ৰী সূৰ্যগিৰী-মৰনৈ পঞ্চায়তৰ ডাকাইদলৰ কেইবাটাও পৰিয়ালৰ মাজত সহযোগীসকলৰ সৈতে প্ৰৱক্তাগৰাকীয়ে খাদ্য সামগ্ৰী যোগান ধৰে ।
লক্ ডাউন-2ঃ ষষ্ঠদশ দিনটোত ৰাজ্যজুৰি ক'ত কি ঘটিল ! - আজি শ্ৰমিক দিৱস
18:28 May 01
গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা মজবুল হক চৌধুৰীৰ খাদ্য সামগ্ৰী বিতৰণ
17:13 May 01
গৰাখহনীয়াৰ ভুক্তভোগীক খাদ্য সমগ্ৰী বিতৰণ 175 BN CRPF জোৱানৰ...
কামৰূপ, 1 মেঃ লক্ ডাউনৰ সময়তো মানৱসেৱাত বৰ্তি আছে দেশমাতৃৰ জোৱানসকল । শুকুৰবাৰে 175 BN CRPF ৰ জোৱানসকলে অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীত গৰাখহনীয়াৰ ভুক্তভোগীসকলক খাদ্যসামগ্ৰী বিতৰন কৰে। ভূপেন হাজৰিকাৰ গীত গায় অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰন কৰে জোৱানসকলে ৷
17:09 May 01
জীৱনকো তুচ্ছ কৰি সমাজক সেৱা আগবঢ়াই অহাসকলক অভ্যাৰ্ধনা আনন্দ নগৰ ইউথ ক্লাৱৰ
গুৱাহাটী, 1 মেঃ বিশ্বজুৰি কৰ'ণাৰ সংহাৰ অব্যাহত আছে। এনে অৱস্থাটো নিজৰ জীৱনকো তুচ্ছ কৰি সমাজৰ হকে সেৱা আগবঢ়াই আছে চিকিৎসা কৰ্মী, আৰক্ষী, সংবাদ কৰ্মীসকলকে ধৰি বিভিন্ন জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকলে। সেয়ে এইসকল আৰক্ষী আৰু সংবাদকৰ্মীক শুকুৰবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আনন্দ নগৰ ইউথ ক্লাৱে। প্ৰতিটো মূহুৰ্ততে দায়িত্ববোধৰে কৰ্ম সম্পাদনা কৰাৰ বাবেই আৰক্ষী আৰু সংবাদ কৰ্মীসকলক এনেদৰেই কৃতজ্ঞতা জনায় ক্লাবটোৱে। আনন্দ নগৰ ইউথ ক্লাৱৰ এই কাৰ্যসূচীত বিজেপি জালুকবাৰী মণ্ডলৰ সভাপতি পিয়াল দে, প্ৰাক্তন সভাপতি কল্লোল চক্ৰৱৰ্তী, সমাজকৰ্মী কমল দে আদিকে ধৰি ভালেকেইজন সচেতন ব্যক্তিয়ে সহযোগিতা আগবঢ়াই।
16:01 May 01
শিশুৰ শিক্ষাৰ ক্ষেত্ৰত তেজপুৰৰ বেচৰকাৰী সংস্থাৰ ক্ষুদ্ৰ প্ৰয়াস
তেজপুৰ , 1 মেঃ প্ৰথম ইডুকেশ্বন ফাউনডেশ্বনৰ সদস্য সূৰ্য্য গগৈৰ নেতৃত্বত বিশ্ব ৰাষ্ট্ৰ সংস্থা (UNICEF), সমগ্ৰ শিক্ষা আৰু প্ৰথম স্বেচ্ছাসেৱী সংস্থাৰ যুটীয়া প্ৰচেষ্টাত শোণিতপুৰ জিলাৰ চাৰিটা শিক্ষাখণ্ডত ৩৪৫ খন প্ৰাথমিক বিদ্যালয় সামৰি Gyanudoi নামৰে এক কাৰ্যসূচী চলি আছে । কিন্তু লক্ ডাউনৰ ফলত শিশুসকল শিক্ষাৰ পৰা বিৰত থাকিব লগা হৈছে । সেয়ে বেছৰকাৰী সংস্থা "প্ৰথম"য়ে শিশুৰ উন্নতি হকে মাতৃ আৰু স্বেচ্ছাসেৱীসকলক ফোন, মেছজ, ভিডিঅ' কলিং , হোৱাটচ এপ জৰিয়তে শিশুসকল শিক্ষা প্ৰদান কৰাৰ সৰু প্ৰয়াস কৰিছে ।
15:57 May 01
গোলাঘাটত আটক গুটখা ব্যৱসায়ী
গোলাঘাট, 1 মেঃ শুকুৰবাৰে গুটখা , চাদাৰ বিৰুদ্ধে অভিযান চলালে গোলাঘাট আৰক্ষীয়ে । জিলাখনৰ অন্তৰ্গত ধ্ৰুৱনগৰৰ গুটখা ব্যৱসায়ী কমলেশ গুপ্তাৰ বাসগৃহত অভিযান চলায় আৰক্ষীৰ দলটোৱে । অভিযান কালত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চাদা, গুটখা, জৰ্দা জব্দ কৰাৰ লগতে ব্যৱসায়ী কমলেশ গুপ্তাকো আটক কৰে ৷
15:51 May 01
মুষ্টিমেয় শ্ৰমিকৰ উপস্থিতিত ধেমাজীত শ্ৰমিক দিৱস পালন
ধেমাজী, 1 মেঃ সামাজিক দূৰত্ব বজাই ধেমাজিতো সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জিলা সমিতিৰ উদ্যোগত অনুষ্টুপীয়াকৈ পালন কৰা হয় শ্ৰমিক দিৱস ৷ মুষ্টিমেয় শ্ৰমিকৰ উপস্থিতিত জিলা কাৰ্যালয়ত পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰে সদস্যসকলে ৷
14:50 May 01
লক্ ডাউনৰ বাবে খাদ্য সংকটত পৰা লোকৰ কাষত সদৌ অসম ছাত্ৰ সন্থা
ৰঙিয়া, 1 মেঃ লক্ ডাউনৰ বাবে খাদ্য সংকটত ভোগা সাধাৰণ শ্ৰেণীৰ লোকসকলক সহায় কৰিবলৈ ওলাই আহিছে আছু । ৰঙিয়াৰ সহস্ৰাধিক পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে আছুৱে । শুকুৰবাৰে ৰঙিয়াৰ মধ্য পাণ্ডৰী আঞ্চলিক ছাত্ৰ সন্থাই গাঁওখনৰ দুখীয়া লোকসকলক চাউল, দাইল, মিঠাতেল, আলু আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ।
13:10 May 01
দৈন্যজনৰ কাষত কংগ্ৰেছী বিধায়ক দূৰ্গা ভূমিজ
ডুমডুমা, 1 মেঃ লক্ ডাউনে দেশৰ ধনী-দুখীয়া সকলো লোকক প্ৰভাৱিত কৰিছে যদিও একাংশ লোকে কৰ্ম সংস্থাপন হেৰুৱাই দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । সেয়ে ডুমডুমা বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দূৰ্গা ভূমিজে মানৱ জাতিৰ এই সংকট কালত দৈন্যজনক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ১ এপ্ৰিল তাৰিখৰ পৰা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত ২০ হাজাৰ পৰিয়ালৰ মাজত প্ৰায় 600 কুইণ্টল চাউল বিতৰণ কৰে । ইয়াৰোপৰি আজি বিচাকপি চাহ বাগিচাৰ শ্ৰমিক সকলৰ মাজত প্ৰায় ১০০ মাক্স বিতৰণ কৰি আজিৰ পৰা সমষ্টিৰ ৫০ হাজাৰ লোকলৈ বিধায়ক গৰাকীয়ে সম্পূৰ্ণ নিজ খৰচত মাক্স বিতৰণ কৰিব বুলি ঘোষণা কৰে ।
13:04 May 01
নাগালেণ্ডৰ পৰা আহি মৰিয়নীত কোৱাৰান্টাইনত থকা শতাধিক শ্ৰমিকক গৃহ জিলালৈ যোৱাৰ অনুমতি মহকুমা প্ৰশাসনৰ
মৰিয়নী, 1 মেঃ অৱশেষত মৰিয়নীৰ বিভিন্ন স্থানত কোৱাৰান্টাইনত থকা বহু শ্ৰমিকক মহকুমা প্ৰশাসনে নিজ গৃহলৈ যোৱাৰ অনুমতি দিয়া বুলি জানিবলৈ দিয়ে মহকুমাধিপতিয়ে ৷ দৰাচলতে 22 এপ্ৰিলত নাগালেণ্ডৰ পৰা অসমৰ বিভিন্ন জিলাৰ কেইবাশতাধিক শ্ৰমিক পদব্ৰজে আহি মৰিয়নী হৈ নিজ নিজ গৃহ জিলাৰ অভিমুখে ৰাওনা হৈছিল। কিন্ত যোৰহাট জিলা আৰু তিতাবৰ মহকুমা প্ৰশাসনে প্ৰায় 400 শ্ৰমিকক মৰিয়নীত আৱদ্ধ কৰি নকছাৰীৰ কেইবাখনো চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানত তেওঁলোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল । আজি কোৱাৰেণ্টাইন চেণ্টাৰত আৱদ্ধ লোকসকলক মহকুমা প্ৰশাসনে নিজ নিজ গৃহ জিলালৈ যাবলৈ সুবিধা কৰি দিয়ে।
12:58 May 01
লক্ ডাউনৰ বাবে জনিয়াত অনুষ্টুপীয়াকৈ পালন কৰা হ'ল শ্ৰমিক দিৱস
জনিয়া, 1 মেঃ আজি পহিলা মে, অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক দিৱস । কিন্তু লক্ ডাউনৰ বাবে এই বেলি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে শ্ৰমিক দিৱস । শুকুৰবাৰে জনিয়াত বিভিন্ন কাৰণত নিহত হোৱা শ্ৰমিক-মজদুৰ সকলৰ ত্যাগৰ প্ৰতি সন্মান জনাই চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সভাৰ যৌথ উদ্যোগত ৰঙা পতাকা উত্তোলন কৰি শ্ৰমিক দিৱস পালন কৰা হয়। একমাত্ৰ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জনীয়া আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক আৰু নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সদস্য জয়নাল আবদিনকে ধৰি মাত্ৰ তিনি গৰাকী ব্যক্তিয়ে এই কাৰ্যসূচী পালন কৰে।
11:56 May 01
মাস্ক বিক্ৰী কৰি ঘৰখনৰ খৰচ উলিয়াইছে গোলাঘাটৰ আত্ম সহায়ক গোটৰ মহিলাই
গোলাঘাট, 1 মেঃ মাস্কৰ নাটনি দূৰ কৰিবলৈ গোলাঘাটৰ হামদৈ গ্ৰামীণ সংঘ নামৰ এটা আত্মসহায়ক গোটে প্ৰস্তুত কৰি উলিয়াইছে মাস্ক। আত্মসহায়ক গোটৰ সদস্য নমিতা তামুলী দত্তৰ নেতৃত্বত গোলাঘাট ৰূপকলীয়াত প্ৰায় ১৬ গৰাকী মহিলাই প্ৰস্তুত কৰিছে মাস্ক । ইতিমধ্যে ২০০০ ত কৈ অধিক মাস্ক বিক্ৰী কৰিছে হামদৈ সংঘই ৷ ২০ টকা পাইকাৰী মূল্যত মাস্ক বিক্ৰী কৰি লক্ ডাউনৰ সময়তো অর্থ উপাৰ্জন কৰি নিজৰ ঘৰখনৰ খৰচত হাত আগবঢ়াইছে গাঁৱৰ মহিলাসকলে ।
11:19 May 01
চাহ উদোগৰ ক্ষেত্ৰত ৰাজ্যত শিথিল কৰা হৈছে লক্ ডাউন
গোলঘাট, 1 মাৰ্চঃ সমগ্ৰ দেশতে লক্ ডাউন, তাৰ মাজতে চৰকাৰে কিছু শিথিলতা জাৰী কৰিছে ৰাজ্যৰ চাহ বাগিছা সমূহৰ লগতে চাহ উদোগ সমূহৰ ক্ষেত্ৰত ৷ বিভিন্ন নীতি নিয়মৰ মাজেৰে সামাজিক দায়বদ্ধতা ৰক্ষা কৰি জিলা প্ৰশাসনৰ নিৰ্দেশত তুলিব দিয়া হৈছে চাহ বাগিচাৰ পাত ৷
চৰকাৰ তথা জিলা প্ৰশাসনৰ সকলো নিৰ্দেশ মানি গোলাঘাট জিলা মহিমা চাহ বাগিচাত নিয়োজিত কৰা হৈছে ৫০ শতাংশ শ্ৰমিক ৷ বাগিছাখনৰ বিভিন্ন স্থানত চাবোনেৰে হেন ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰাৰ লগতে বাগিচাখনৰ কতৃপক্ষই সকলো শ্ৰমিক হেন গ্ল'ভচ আৰু ফেচ মাক্স যোগান ধৰিছে ৷
11:08 May 01
মাৰ্ঘেৰিটা বাছ আস্থানত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা আৰু সচেতনতামূলক চিত্ৰ অংকন
মাৰ্ঘেৰিটা, 1 মাৰ্চঃমাৰ্ঘেৰিটা পৌৰসভাৰ উদ্যোগত নগৰ বাছ আস্থানত শুকুৰবাৰে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা আৰু সচেতনতামূলক চিত্ৰ অংকন কৰা হয় । তিনিচুকীয়াৰ চিত্ৰ শিল্পী মনজিৎ কাশ্যপ সহ ৫জনীয়া এটা দলে বাছাস্থানৰ মজিয়াত প্ৰায় ৮০০ বৰ্গফুট এলেকাত ছবি অংকন কৰাৰ লগতে মাৰ্ঘেৰিটা নগৰৰ ৰাজহুৱা স্থানৰ বিভিন্ন দেৱালত Covid 19 সম্পৰ্কে সজাগতামূলক বাৰ্তা অংকন কৰে।
09:38 May 01
শ্ৰমিকৰ বাবে চৰকাৰক ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান শ্ৰমিকসকলৰ
টীয়ক, 1 মে : আজি শ্ৰমিক দিৱস । লক্ ডাউন অব্যাহত থকাৰ বাবে এইবেলি পলন কৰা নহ'ব শ্ৰমিক দিৱস । আনহাতে লক্ ডাউনে ক্ৰমাৎ কোঙা কৰি আহিছে দেশৰ লগতে ৰাজ্যৰ শ্ৰমিকসকলক ৷ দৈনিক দিন হাজিৰা কৰা লোকসকল, ঠেলা চালক, মালবাহী মিনি ট্ৰাকৰ মালিকপক্ষৰ জীৱনলৈ নামি আহিছে ভয়াবহতা । বৰ্তমানৰ পৰিস্থিতিৰ বাবে নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যতৰ কথা ভাবি হুমুনিয়াহ কাঢ়িছে শ্ৰমিক তথা চালকসকলে। টীয়কৰ এটা মালবাহী টেম্প' ষ্টেণ্ডৰ ভৱিষ্যতৰ কথা ভাবি এতিয়া চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ গাড়ীৰ চালকসকল। ইয়াৰোপৰি লক্ ডাউন মুকলি কৰাৰ লগে লগে গাড়ীবোৰৰ কিস্তি দিব লাগিব উপাৰ্জনহীন হৈ থকা চালকসকলে ৷ সেয়ে আজি শ্ৰমিক দিৱসৰ দিনা এইসকল শ্ৰমিকৰ বাবে চৰকাৰক ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শ্ৰমিকসকলে ।