টীয়কৰ বিহুৰ মঞ্চত কৃষ্ণমণি চুতীয়া - কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন
টীয়কৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ কৃষ্ণমণি চুতীয়াৰ গীতৰ তালে তালে মতলীয়া দৰ্শক-শ্ৰোতা ৷
![টীয়কৰ বিহুৰ মঞ্চত কৃষ্ণমণি চুতীয়া](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3110040-978-3110040-1556252044951.jpg)
টীয়কৰ বিহুৰ মঞ্চত কৃষ্ণমণি চুতীয়া
টীয়ক,26 এপ্ৰিলঃ টীয়কৰ মাজ মজিয়াত বিগত বছৰ সমূহৰ দৰে কেন্দ্ৰীয়ভাৱে এইবেলিও বৃহস্পতিবাৰে আয়োজন কৰা হয় কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ বিহুৰ বাকৰিত আয়োজন কৰা বসন্ত উৎসৱৰ সন্ধিয়া অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াই গীত পৰিৱেশন কৰে । কৃষ্ণমণিৰ গীতৰ তালত মতলীয়া হৈ পৰে দৰ্শক-শ্ৰোতা । পুৱাৰ ভাগত পিঠা-পনা, বিহুৱান আৰু যোজনা প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি অসমৰ আগশাৰীৰ কেইবাযোৰা হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শন কৰে মঞ্চত ।
টীয়কৰ বিহুৰ মঞ্চত কৃষ্ণমণি চুতীয়া