যোৰহাট, 24 আগষ্টঃ যোৰহাটৰ সকাই সঙীয়াত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন । বোকা ভাওনা মুহিলে শতাধিক ৰাইজক ৷ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি পালন বোকা যাত্ৰা ভাওনা তথা নন্দোৎসৱ ।
কথিত আছে যে, বৃদ্ধ বয়সত সন্তানৰ মুখ দেখা নন্দ ৰজাই প্ৰজাৰ সৈতে কৃষ্ণ জন্ম হোৱাৰ আনন্দত বোকা খেলি আনন্দ কৰিছিল । তেতিয়াৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত এই বোকা যাত্ৰা ভাওনা ৰূপত পালন কৰি অহা হৈছে ।
যোৰহাটত বোকা ভাওনাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন - সকাই সঙীয়া
বৃদ্ধ বয়সত সন্তানৰ মুখ দেখা নন্দ ৰজাই প্ৰজাৰ সৈতে কৃষ্ণ জন্ম হোৱাৰ আনন্দত বোকা খেলি আনন্দ কৰিছিল । তেতিয়াৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত এই বোকা যাত্ৰা ভাওনা ৰূপত উৎযাপন কৰি অহা হৈছে ৷
যোৰহাটত বোকা ভাওনাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন
উল্লেখযোগ্য যে, প্ৰায় শতবৰ্ষ অতিক্ৰম কৰা এই বোকা ভাওনা অনুষ্ঠান এতিয়া কেৱল যোৰহাটতে নহয় সমগ্ৰ ৰাজ্যত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি নিশাৰ ভাগত কণ কণ শিশুৰ দ্বাৰা শ্ৰীকৃষ্ণৰ জন্ম লীলা আৰু পুতনাৰ মুক্তি লাভ ভাওনা প্ৰদৰ্শন ওপৰিও দ্বিতীয় দিনা নন্দোৎসৱ তথা বোকা যাত্ৰা নাট প্ৰদৰ্শন কৰে গাঁওবাসীয়ে ।