যোৰহাট,10 অক্টোবৰ:কেন্দ্ৰীয় চৰকাৰে প্ৰযোজ্য কৰা কৃষি বিৰোধী আইনৰ বিৰোধিতাৰে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৰাজ্যৰ বিৰোধী দলসমূহৰ লগতে বিভিন্ন সংগঠনসমূহে ৷ নতুনকৈ কাৰ্যকৰী হ’বলগীয়া কৃষি আইনে কৃষকসকলক মাধমাৰ দিয়াৰ আংশকা প্ৰকাশ কৰা হৈছে ৷
কৃষি বিধেয়কে কৃষকৰ উন্নতি সাধন কৰিব:কামাখ্যা প্ৰসাদ তাছা - Essential commodities (Amendment)bill
একমাত্ৰ বিৰোধীয়ে সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত বিপথে পৰিচালিত কৰিছে কৃষকসকলক ৷ এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰযোজ্য কৰা কৃষি আইনৰ সপক্ষত সাংসদগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷
তেনে সময়তে শনিবাৰে যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই সাংবাদিকসকলক সম্বোধন কৰি এই আইনৰ সমৰ্থনত কিছু বক্তব্য প্ৰদান কৰে ৷ এই তিনিখন আইন ক্ৰমে-Farmers produce trade and commerce(promotion and facilitation)bill 2020, Farmers (empowerment and protection) Agreement of price Assurance and Farm services bill 2020 আৰু Essential commodities (Amendment)bill. সাংসদগৰাকীয়ে প্ৰায় 70 বছৰৰ মূৰত দেশৰ অন্নদাতাসকলক এই আইনে মধ্যস্থতাকাৰীসকলৰ কবলৰ পৰা মুক্তি দিব বুলি সংবাদমেলখনৰ জৰিয়তে প্ৰকাশ কৰে ৷