যোৰহাট, 7 মে' : "কঙালী ভঁৰাল" ২০০৫ চনতে যোৰহাটৰ পীঢ়াকটা অঞ্চলৰ কেইগৰাকীমান মহিলাই লোৱা এক পদক্ষেপৰ নাম । ভৱিষ্যৎ বিপদৰ মুখামুখি হ'লে বা খাদ্যৰ নাটনি হ'লে তৎমূহুৰ্তত সহায় লাভৰ বাবে আৰম্ভ কৰা হৈছিল এই কঙালী ভঁৰাল ৷ কঙালী বুলিলে যদিও আমি নাটনিকে বুজো, এই ভঁৰালৰ উদ্দেশ্য কিন্তু নাটনি দূৰ কৰাহে ৷ কঙালী ভঁৰালত গাঁৱৰ বিভিন্ন পৰিয়ালৰ পৰা ধান সংগ্ৰহ কৰি জমা কৰি থোৱাৰ ব্যৱস্থা কৰা হয় ৷ পাচত সংকটৰ সময়ত সেয়া দুখীয়া পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰা হয় ।
বৃহত্তৰ পীড়াকটা অঞ্চলৰ ৯ টা আত্মসহায়ক গোট একেলগ হৈ "নৱৰত্ন"নামৰে ২০০৫ চনৰ পৰাই গাঁওখনৰ বিপদত পৰা ব্যক্তি তথা পৰিয়ালক সহায়ৰ হাত আগবঢ়াই আহিছে । বৰ্তমান লক্ ডাউনৰ সময়ত বহু পৰিয়ালক সহায় কৰিছে তেওঁলোকে ।
কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা লক্ ডাউনৰ বাবে বহু লোক ঘৰৰ পৰা ওলাই আহিব পৰা নাই । এই সকল মহিলাই কঙালী ভঁৰালৰ পৰাই বহু লোকক সহায়ৰ হাত আগবঢ়াইছে ।