কোকৰাঝাৰ, ১৬ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ জিলাৰ চিথিলা ভূৱনগৰ ডাকঘৰৰ কাম কাজ বিগত তিনি বছৰে চলিছে পোষ্ট মাষ্টৰৰ ঘৰৰ পৰা। ২০১৭ চনতে জহি-খহি গৈছিল অস্থায়ী ডাকঘৰটো।
যাৰ বাবে অঞ্চলটোত বন্ধ হৈ পৰিছিল ডাক যোগান ব্যৱস্থা। সেয়হে বিগত তিনিটা বছৰে বহুত কষ্টৰ মাজত পোষ্টমাষ্টৰ টিকেন্দ্ৰ নাথ ৰায়ে নিজ বাসগৃহৰ পৰাই ডাকঘৰৰ যাৱতীয় কামকাজ পৰিচালনা কৰিবলৈ বাধ্য হয় ৷ আনহাতে, একমাত্ৰ ডাকঘৰটোৰ স্থায়ী গৃহ নথকাত প্ৰতিদিনে সমস্যাৰ সন্মূখীন হৈ অহাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ এক বিপৰীত ছবিহে প্ৰত্যক্ষ কৰিবলৈ পোৱা বুলি স্থা়নীয় ৰাইজে অভিযোগ উত্থাপন কৰে।