টীয়ক,20 জুলাই : বিগত বৰ্ষৰ ডিচেম্বৰতNIAৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক ৷ ডিচেম্বৰ মাহৰ পৰাই বহু কেইটা গোচৰত কৃষক নেতা গৰাকীক মাৰাথন জেৰা অব্যাহত ৰখাৰ উপৰিও অসমৰ বহু কেইখন আৰক্ষী থানাত নেতা গৰাকীৰ বিৰুদ্ধে সংশোধনী আইন বিৰোধ কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল ৷
অখিল গগৈক মুক্তিৰ দাবীত যোৰহাটত মানৱ শৃংখল সোমবাৰে যোৰহাট জিলাৰ টীয়কত কৃষক নেতা গৰাকী মুকলি কৰি দিয়াৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়কৰ সকলো আঞ্চলিকতে এই প্ৰতিবাদৰ কাৰ্যসূচী হাতত লৈছে সংগঠনটোৱে ৷
অখিল গগৈক মুক্তিৰ দাবীত যোৰহাটত মানৱ শৃংখল টীয়কৰ জগদুৱাৰ অঞ্চলতো সংগঠনটোৰ সদস্য সকলে হাতে হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক,অখিল গগৈ জিন্দাবাদ,বিজেপি চৰকাৰ মূর্দাবাদ,বিজেপি চৰকাৰ নিপাত যাওক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখযোগ্য যে,নাগৰিত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ বাবে অসমত সৃষ্টি হৈছিল প্ৰবল প্ৰতিবাদৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা আন্দোলনৰ পিচতো সংসদত গৃহীত কৰা হৈছিল নাগৰিকত্ব বিধেয়ক 2016 ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধ কৰি সাধাৰণ ৰাইজক উচতনি দিয়াৰ বাবে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল বহু লোকক ৷
লগতে পঢ়ক : পূৱ বিলাসীপাৰাত ৰেচন কাৰ্ডৰ নামত ভংয়কৰ জালিয়াতি