যোৰহাট, 11 জুনঃ কা আন্দোলনৰ সময়ৰ পৰাই বিগত 6 মাহ ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈসহ তেওঁৰ সতীৰ্থ সকলক মুক্তিৰ দাবীত যোৰহাটত সাব্যস্ত হয় প্ৰতিবাদ। যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 5 গৰাকী সদস্যই এই প্ৰতিবাদ সাব্যস্ত কৰে ।
যোৰহাটত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ - অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
অখিল গগৈসহ গ্ৰেপ্তাৰ হোৱা তেওঁৰ সতীৰ্থ সকলক শীঘ্ৰেই মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ । বাঘজানৰ ঘটনাৰো তদন্তৰ দাবী প্ৰতিবাদকাৰী সকলৰ ।
![যোৰহাটত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ যোৰহাটত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7571133-958-7571133-1591868361476.jpg)
যোৰহাটত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ
যোৰহাটত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীয়ে হাতত বেনাৰ আৰু প্লে কাৰ্ড লৈ অখিল গগৈ আৰু সতীৰ্থ সকলক মুক্তিৰ দাবী কৰাৰ উপৰিও অইল ইণ্ডিয়াৰ অধীনৰ বাঘজান তৈল খাদত হোৱা অগ্নিকাণ্ডৰ সঠিক তদন্তৰ দাবী কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ দিবলৈ দাবী জনায় ।
লগতে চাওকঃ কাঠফলা মিলৰ পৰা মাহিলী হিচাপত কমিচন সংগ্ৰহ কৰে বন বিভাগে !