অসম

assam

ETV Bharat / state

মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও নাৰী মুক্তি সংগ্ৰাম সমিতিৰ

মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি,বিনাচৰ্তে অখিল গগৈক মুক্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

By

Published : Nov 19, 2020, 4:47 PM IST

As_jrt_kmss_protest_at_moriani_vis_AS10039
মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও নাৰী মুক্তি সংগ্ৰাম সমিতিৰ

যোৰহাট,19 নৱেম্বৰ: মৰিয়নীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি,বিনাচৰ্তে অখিল গগৈক মুক্তিৰ দাবী,দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসন ৰোধ আৰু ক্ষুদ্ৰ ঋণৰ নামত মহিলাসকলক হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক্ষোভিত প্ৰতিবাদকাৰীয়ে মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও নাৰী মুক্তি সংগ্ৰাম সমিতিৰ

উল্লেখ্য যে,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰন লোকক জুৰুলা কৰাৰ সময়তে বিভিন্ন ক্ষুদ্ৰ ঋণ প্ৰদান কৰা মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধেও সৰৱ হৈ উঠে মহিলাসকলে ৷ বৃহস্পতিবাৰে দুপৰীয়া কৃষক নেতা অখিল গগৈক অতিশীঘ্ৰে মুক্তিৰ দাবীত কেইবাশতাধিক মহিলাই উত্তাল কৰিলে মৰিয়নীৰ ৰাজপথ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদী কায্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি মৰিয়নী মহাবিদ্যালয়ৰ সন্মুখৰ পৰা প্ৰদব্ৰজে নগৰৰ মাজেৰে গৈ মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰে ৷

লগতে পঢ়ক:লখিমপুৰত উপস্থিত স্নেহাংকৰ চক্ৰৱৰ্তী

ABOUT THE AUTHOR

...view details