তিতাবৰ, 19 ছেপ্টেম্বৰ :তিতাবৰৰ বৰহোলা ইউ বি আই শাখাত শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীৰ সতে সংঘাতত লিপ্ত হয় বৰহোলা সামূহিক চিকিৎসালয়ৰ এজন চিকিৎসক । বৰহোলাৰ বেংক কৰ্তৃপক্ষই ৰাইজক হাৰাশাস্তি কৰাৰ লগতে কেইবাটাও বিষয়ত শুকুৰবাৰে বেংক কৰ্তৃপক্ষৰে সংঘাতৰ সূত্ৰপাত ঘটিছিল দুই সংগঠনৰ । যাৰ ফলত শনিবাৰে দুই সংগঠনৰ নেতাকৰ্মী উপস্থিত হৈছিল বৰহোলাৰ ইউ বি আই শাখাত ।
জাতীয় সংগঠনৰ নেতা কৰ্মীৰ সৈতে সংঘাত চিকিৎসকৰ - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
তিতাবৰৰ বৰহোলা ইউনাইটেড বেংকত উত্তপ্ত পৰিস্থিতি ৷ জাতীয় সংগঠনৰ নেতা-কৰ্মীৰে সংঘাত চিকিৎসকৰ ৷ চিকিৎসক আৰু বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল বৰহোলা আৰক্ষী থানাত ৷
তেনে সময়তে পত্নীৰ কৰ্মৰত বৰহোলা ইউ বি আই শাখাত স্থানীয় বৰহোলা সামূহিক চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসক পার্থ শইকীয়া প্ৰৱেশ কৰি সংগঠনৰ নেতা কৰ্মী সকলৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে । ফলত সংগঠনটোৰ নেতা কৰ্মী সকলে চিকিৎসক জনক বেংকৰ ভিতৰতে আবদ্ধ কৰি ৰাখি চমজাই দিয়ে বৰহোলা আৰক্ষীক । ইফালে সংগঠনটোৱে চিকিৎসক জনৰ বিৰুদ্ধে বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আনফালে কৰ্তব্যৰত সময়ত চিকিৎসালয় এৰি এজন চিকিৎসকে পত্নীৰ কৰ্মৰত বেংকৰ এনে ঘটনাত লিপ্ত হোৱা কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশ্যে চিকিৎসকজনে নিজৰ কামৰ বাবেহে বেংকলৈ যোৱা বুলি উল্লেখ কৰিছে ।
লগতে পঢ়ক :কটাহবাৰীত যুৱতীক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটিলে ধন