অসম

assam

By

Published : Mar 5, 2019, 4:49 PM IST

ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৃষক নেতা অখিল গগৈ

বুজ ল'লে বিষাক্ত সুৰা সেৱন কৰি চিকিৎসাধীন হৈ থকা ৰোগীৰ অৱস্থাৰ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অখিল গগৈ

যোৰহাট, ৫ মাৰ্চ : বিষাক্ত সুৰা সেৱন কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ অৱস্থাৰ বুজ ল'লে কৃষক নেতা অখিল গগৈয়ে ।‌ চিকিৎসাধীন হৈ থকা লোকসকলৰ শাৰীৰিক অৱস্থাৰ বুজ লৈ কৃষক নেতাগৰকীয়ে সম্পূৰ্ণ ৰূপে মদ বন্ধ কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । লগতে কৃষক নেতাগৰাকীয়ে কয় যে, এই ঘটনাই উদঙাই দিছে ভাল শাসনৰ কথা কোৱা বিজেপি চৰকাৰৰ প্ৰকৃতস্বৰূপ । বিজেপি আৰু আৰ এছ এছে কেৱল চাহ শ্ৰমিকক আভুৱাহে ভাৰি আহিছে ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অখিল গগৈ
এইসকল লোকৰ মৃত্যুয়ে প্ৰতিপন্ন কৰিছে যে একৈশ শতিকাৰ এই দিনটো কিদৰে ৰাজ্যৰ চাহ শ্ৰমিক সকলে জীৱন নিৰ্বাহ কৰি আহিছে । ইপিনে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীৰ লগতে আবকাৰী মন্ত্ৰীগৰাকীয়েও পদত্যাগ কৰিব লাগে দাবী তোলে কৃষক নেতাগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details