টীয়ক, 6 মেঃ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে টীয়ক সমষ্টিৰ বিভিন্ন পঞ্চায়তসমূহত । কৃষকৰ নাম তালিকাত স্থান পাইছে অন্য লোকৰ লগতে পঞ্চায়ত সদস্য, সভানেত্ৰীৰ স্বামী , দেউৰসহ পৰিয়ালৰ লোকে ।
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বৃহৎ কেলেংকাৰী - কৃষকৰ নাম তালিকাত
কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনৰ দিহিঙীয়া কলিতা গাঁৱৰ ১৬৮ জন হিতাধিকাৰীয়ে মধ্য যোৰহাট উন্নয়ন খণ্ডতো দিহিঙীয়া কলিতা গাঁৱৰ নামেৰে দুবাৰকৈ ধন লাভ কৰিছে । অথচ মধ্য যোৰহাট উন্নয়ন খণ্ডত দিহিঙীয়া কলিতা নামৰ কোনো গাওঁ নাই বুলি জানিব পৰা গৈছে । এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যু্ৱ ছাত্র পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে ।
আনহাতে কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনৰ দিহিঙীয়া কলিতা গাঁৱৰ ১৬৮ জন হিতাধিকাৰীয়ে মধ্য যোৰহাট উন্নয়ন খণ্ডতো দিহিঙীয়া কলিতা গাঁৱৰ নামেৰে দুবাৰকৈ ধন লাভ কৰিছে । অথচ মধ্য যোৰহাট উন্নয়ন খণ্ডত দিহিঙীয়া কলিতা নামৰ কোনো গাওঁ নাই বুলি জানিব পৰা গৈছে । এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যু্ৱ ছাত্র পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে ।
ইতিমধ্যে এই কেলেংকাৰী সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে কৃষি মন্ত্ৰীয়ে । উল্লেখযোগ্য যে আঁচনিখনৰ তালিকা পঞ্চায়তৰ প্ৰতিনিধিয়ে প্ৰস্তুত কৰাৰ লগতে তাত চৰকাৰী কৰ্মচাৰীক কোনোধৰণৰ হস্তক্ষেপ কৰিবলৈ দিয়া নাই ৷ সেয়ে কৃষক নোহোৱাকৈ বহু লোক এই আঁচনিৰ অন্তৰ্ভূক্ত হৈছে বুলি সদৰি কৰিছে বামুণপুখুৰী পঞ্চায়তৰ দায়িত্ব থকা কৃষি সম্প্ৰসাৰণ সহায়ক তুলেশ গগৈয়ে। সেয়ে এতিয়া কৃষি মন্ত্ৰীয়ে ঘোষণা কৰা তদন্তত পুনৰ নিকাভাবে তালিকা প্ৰস্তুত কৰি প্ৰকৃত হিতাধিকাৰীক আঁচনি প্ৰদান কৰিব পাৰিব বুলি আশা কৰিছে একাংশ লোকে ৷