অসম

assam

By

Published : Mar 5, 2021, 7:20 AM IST

ETV Bharat / state

কবিৰ শইকীয়াৰ ‘জিয়াৰ ডায়েৰী’ উন্মোচন

৩মাৰ্চ পৰা যোৰহাটত আৰম্ভ হোৱা গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱৰ দ্বিতীয় দিনা উন্মোচন কৰা হয় লেখক কবিৰ শইকীয়াৰ শিশু গ্ৰন্থ "জিয়াৰ ডায়েৰি" ৷

কবিৰ শইকীয়াৰ জিয়াৰ ডায়েৰী উন্মোচন
কবিৰ শইকীয়াৰ জিয়াৰ ডায়েৰী উন্মোচন

যোৰহাট, 5মাৰ্চ: সাংস্কৃতিক নগৰী হিচাপে খ্যাত যোৰহাটত ৩মাৰ্চ পৰা আৰম্ভ হৈছে গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ ৷ এই গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ 4মাৰ্চৰ সন্ধিয়া গ্ৰন্থ মেলাৰ বাকৰিত উন্মোচন কৰা হয় "জিয়াৰ ডায়েৰি" শীৰ্ষক এখনি শিশু গ্ৰন্থ ৷ বিশিষ্ট লেখক তথা সাংবাদিক কবিৰ শইকীয়াৰ এই গ্ৰন্থ খনি উন্মোচন কৰে ৰামায়নী সাহিত্যৰ গৱেষক ড৹ মালিনিয়ে ৷

লেখক কবিৰ শইকীয়া গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি অখিল চক্ৰৱতী, শিশু সাহিত্যিক অনন্ত শৰ্মা সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ উল্লেখ্য যে, এই গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱৰ বাকৰিত দ্বিতীয় দিনাও বহু সংখ্যক গ্ৰন্থপ্ৰেমী ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হয় ৷

লগতে পঢ়কঃওলমি ৰৈছে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰা

ABOUT THE AUTHOR

...view details