যোৰহাট, 11 মে' : মৰিয়নিৰ তথা সমগ্ৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ কঢ়িয়াই আনিলে এগৰাকী অসম কন্যাই । মৰিয়নি সমষ্টিৰ এক ভিতৰুৱা অঞ্চল চেলেং ইটাখোলাৰ প্ৰিয়ংকা মাঝি নামৰ যুৱতীগৰাকী আমন্ত্ৰিত হৈছে ডুবাইত অনুষ্ঠিত হ'বলগা আন্তঃৰাষ্ট্ৰীয় মোৱাই-থাই কিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে । আৰ্থিকভাবে স্বচ্ছল নোহোৱাৰ বাবেই প্ৰিংয়কাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিও আৰ্থিক দৈন্যতাৰ বাবে সম্প্ৰতি বিপাঙত পৰিছে প্ৰতিভাশালী খেলুৱৈগৰাকী (Kick Boxing player from Mariani)।
উল্লেখ্য যে, পঞ্জাৱ, হাৰিয়ানা, মণিপুৰ, ইম্ফল আদিকে ধৰি দেশৰ ভিন্ন স্থানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত সুনাম অৰ্জন কৰাৰ লগতে ২০২১ চনত মণিপুৰত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ হৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল প্ৰিয়ংকা মাঝিয়ে । কিন্তু সম্প্ৰতি অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাশালী ক্ৰীড়াবিদগৰাকীয়ে ডুবাইলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতাই হেঙাৰ হৈ পৰিছে (Kick Boxing player from Mariani facing financial issues)।
আগন্তুক ২৬ মে'ৰ পৰা ডুবাইৰ আবুডাবিত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মোৱাই থাই কিক বক্সিং প্ৰতিযোগিতাত অসমৰ আন তিনি প্ৰতিযোগীৰ সৈতে ভাৰতক প্ৰতিনিধিত্ব কৰিব লগা প্ৰিয়ংকাই ২৪ মে'ত নিজ গৃহৰপৰা যাত্ৰা কৰাৰ কথা ।