টীয়ক, 7 অক্টোবৰ: টীয়কৰ কাকজান খেলপথাৰৰ আন্ত:গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ অমনোযোগিতাৰ অভিযোগ ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতা আঁজুৰি অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহনা থকা খেলপথাৰখনক এলাগী কৰাৰ অভিযোগ তুলি সচেতন ৰাইজৰ দুখ প্ৰকাশ ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি 2007 চনত কাকজান ক্ৰীড়া সন্থা আৰু কাকজান ফুটবল কচিং চেন্টাৰৰ উদ্যোগত উক্ত খেলপথাৰ খনত ফুটবলৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল ৷ ৰাইজৰ অভিযোগ, আন্তঃগাঁথনি বিহীন খেলপথাৰখনত বোকা,গাঁত,ঘাঁহনিৰ মাজত অনুশীলন কৰি ইতিমধ্যে বহু খেলুৱৈয়ে জিলা,ৰাজ্যিক,ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সমগ্ৰ টীয়ক তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ তথাপি খেলপথাৰখন উন্নীতকৰণৰ ক্ষেত্ৰত আজিও চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত ন'হল ৷
উল্লেখ্য যে 2007 চনৰ পৰাই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগুৱাই নিয়াত কাকজান খেলপথাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ ইতিমধ্যে এই খেলপথাৰখনে বহুকেইগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম দিছে ৷ খেল' ইণ্ডিয়াৰ দৰে প্ৰতিযোগিতাত এই ক্ৰীড়া সন্থাৰ প্ৰশিক্ষাৰ্থীয়ে সফলতা আনিবলৈ সক্ষম হোৱাৰ লগতে, এই সন্থাৰে অন্যতম পাৰ্গত মহিলা খেলুৱৈ অঞ্জনা শইকীয়াই ইতিমধ্যে ভাৰতৰ হৈ আন্ত: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গ'ল ৰক্ষক হিচাপে খেলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ তৎসত্বেও ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই দাঁতিতে থকা খেলপথাৰ খনে আজি পৰ্যন্ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহ'ল ৷ প্ৰশিক্ষকে জানিবলৈ দিয়া মতে খেলপথাৰ খনৰ পুতৌজনক অৱস্থাৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত থকাৰ মাজত আঘাতপ্ৰাপ্ত হৈ বহু সময়ত খেলুৱৈসকলে খেলত অংশ ল'ব নোৱাৰাৰ বহুত উদাহৰণ আছে ৷