তিতাবৰ, 18 জুলাই :তিতাবৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন কৰা এটা কয়দীক তিতাবৰ নগৰ চাৰি আলিৰ পৰা শনিবাৰে নিশা উদ্ধাৰ কৰে তিতাবৰ আৰক্ষীয়ে । সম্প্ৰতি পলায়ন কৰা কয়দী কিশোৰ (juvanile prisoner)টোক পুনৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে । কিশোৰজনে আন 4 জন লগৰীয়াৰ সৈতে শনিবাৰে নিশাই ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ পৰা পলায়ন কৰিছিল ৷
উল্লেখ্য যে, বিগত ১১ জুলাইৰ পৰা ১৬ জুলাইৰ ভিতৰত মুঠ ১১টা কিশোৰ অপৰাধীক যোৰহাটৰ লিচুবাৰীত অৱস্থিত শিশু কাৰাগাৰ(children jail)ৰ পৰা তিতাবৰ ক’ভিড কেয়াৰ কেন্দ্ৰলৈ কাৰাগাৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিছিল ৷ দুৰ্ভাগ্যজনকভাৱে শনিবাৰে নিশা তিতাবৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলাই যায় ইয়াৰে ৫ টাকৈ অপৰাধী কিশোৰ ৷ সম্প্ৰতি ইয়াৰে এজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে যদিও, আন 4 জন বৰ্তমানলৈকে পলাতক অৱস্থাত আছে ৷