অসম

assam

ETV Bharat / state

Boycott of Jorhat BJP president: যোৰহাট জিলা বিজেপি সভাপতিক বৰ্জন সাংবাদিক সন্থাৰ - Allegation against Jorhat BJP presiden

ক্ষমতাই মূৰত ধৰিছে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাক । যোৰহাট জিলা ই-মিডিয়া সন্থা আৰু তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাই বৰ্জন কৰিলে জিলা সভাপতি উপস্থিত থকা সকলো কাৰ্যসূচী ।

Jorhat District e Media Association
যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা

By

Published : Jun 13, 2023, 7:59 PM IST

যোৰহাট জিলা বিজেপি সভাপতিৰ বিৰুদ্ধে সৰৱ সাংবাদিক সন্থা

যোৰহাট,১৩ জুন:যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে সৰৱ তিতাবৰ মহকুমা গ্ৰাম্য সংবাদিক সন্থা আৰু যোৰহাট জিলা ই-মিডিয়া সন্থা । তিতাবৰত হেমন্ত কলিতাৰ কোনো ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ তিতাবৰ মহকুমা সমিতিয়ে ।

উল্লেখ্য় যে যোৱা সোমবাৰে টীয়কত অনুষ্ঠিত বিজেপিৰ মহা জনসম্পৰ্ক আৰু জ্যেষ্ঠ কাৰ্যকতাৰ সভাত টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদকসহ কেইবাগৰাকী সাংবাদিকক ৰাজহুৱাকৈ অপমান কৰাৰ প্ৰতিবাদ জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই । অনাগত দিনত তিতাবৰত হেমন্ত কলিতা নেতৃত্বত অনুষ্ঠিতব্য় কোনো ধৰণৰ সভাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কৰিছে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংস্থাই । যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই সাংবাদিকক ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ কোনো ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই ।

আনহাতে, জিলা সমিতিৰ সভাপতি হেমন্ত কলিতাই সোমবাৰে টীয়কত যোৰহাট জিলা ই-মিডিয়াৰ সদস্যক অভব্য় আচৰণ কৰাত যোৰহাট জিলা ই-মিডিয়া সন্থাই এই কাৰ্যক গৰিহণা দিছে । বিজেপিৰ যোৰহাট জিলা সমিতিৰ সভাপতি হেমন্ত কলিতাই ক্ষমা নোখোজা পৰ্যন্ত, তেওঁ আহ্বান কৰা তথা উপস্থিত থকা সকলো কাৰ্যসূচী যোৰহাট জিলা ই-মিডিয়া সন্থাই বৰ্জন কৰিব । এই সিদ্ধান্ত আজিৰে পৰা কাৰ্যকৰী হ'ব । যোৰহাট জিলা ই-মিডিয়া সন্থাই লোৱা এই সিদ্ধান্ত ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ স্মাৰক পত্ৰ যোগে প্ৰেৰণ কৰাৰ লগতে জিলা বিজেপিৰ সামাজিক মাধ্যমৰ গ্ৰুপত উপলব্ধ কৰা হব।পৰৱৰ্তী সিদ্ধান্ত নোলোৱা পৰ্যন্ত এই সিদ্ধান্তই বাহাল থাকিব বুলি সদৰী কৰিছে তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ তিতাবৰ মহকুমা সমিতিয়ে ।

উল্লেখ্য় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা বিজেপি চৰকাৰে ন টা বছৰ সফলতাৰে অতিক্ৰম কৰি দহ বছৰত ভৰি দিলে । সফলতাৰে এই ন বছৰ অতিক্রম কৰাৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এমাহ জোৰা কাৰ্যসূচীৰে মঙলবাৰৰে পৰা সমগ্ৰ দেশতে আৰম্ভ কৰিছে "মহা গণসম্পৰ্ক অভিযান" শীৰ্ষক মাহ জোৰা এক বিশেষ কাৰ্যসূচী ।

লগতে পঢ়ক:Assam weather report: ডিমা হাছাও জিলাত পাঁচ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details