যোৰহাট,২৩ মাৰ্চ :যোৰহাটত পিতৃক হেৰুৱাই দিশহাৰা হোৱা দুই কণমানিৰ কাষত থিয় দিলে এগৰাকী সাংবাদিকে । পিতৃৰ বিয়োগৰ পাছতে কণমানি দুগৰাকীৰ পঢ়া-শুনাৰ সমস্ত দায়িত্ব ল'লে যোৰহাটৰ যুৱ সাংবাদিক প্ৰাঞ্জল দাসে (Humanity of journalists in Jorhat)। সাংবাদিকগৰাকীৰ এই পদক্ষেপক প্ৰশংসা কৰিলে বিভিন্নজনে ।
উল্লেখ্য যে যোৱা ১১ মাৰ্চৰ দিনা দুই কণমানিৰ মাতৃয়ে তেওঁলোকক এৰি অন্য যুৱকৰ সৈতে পলাই যায় । তাৰ পাছতে এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় পৰিয়ালটোত । পত্নীয়ে এনেদৰে আন যুৱকৰ সৈতে পলাই যোৱাত মানসিকভাৱে ভাগি কৰে স্বামী তথা দুই কণমানিৰ পিতৃ । দুৰ্ভাগ্যজনকভাৱে ১৭ মাৰ্চৰ দিনা পিতৃ জয়ন্ত বৰাইও অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় (Tragic story of 2 children in Jorhat)।
পখিলা খেদা বয়সতে পিতৃ আৰু মাতৃ হেৰুৱাই দিশহাৰা হৈ পৰে দুই কণমানি । জীৱন সংগ্ৰাম কি বুজি নোপোৱা আৰু জীৱনৰ দায়িত্ব উপলব্ধি কৰিব নোৱৰা কণমানি দুটিৰ জীৱনলৈ হঠাতে নামি আহিল এই ঘোৰ অমানিশা । ইফালে কণমানি দুটিৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰে তেওঁলোকৰ একমাত্ৰ ভৰষা আইতাক । ইফালে একমাত্ৰ ভৰষা আইতাকজনীও ৰোগীয়া ।