অসম

assam

By

Published : Mar 26, 2023, 10:59 PM IST

ETV Bharat / state

Bhaona in Jorhat : পেলনীয়া কাৰ্টনৰ পৰা ভাৱৰীয়া পোচাক তৈয়াৰ কৰি প্ৰদৰ্শিত ভাওনা

দানীগাঁৱৰ এজাক কিশোৰ-কিশোৰীৰ দ্বাৰা সম্পন্ন হ’ল “দক্ষ যজ্ঞ সতী দেহ ত্যাগ" শীৰ্ষক ভাওনা ৷ অন্য ভাওনাতকৈ এই ভাওনা কিছু পৃথক (Jorhat youth Performed Bhaona) ৷ কিয়নো পেলনীয়া কাৰ্টনৰ পৰা ভাৱৰীয়া কিশোৰ-কিশোকীয়ে নিজে প্ৰস্তুত কৰি উলিয়াইছে ভাওনাৰ পোচাক ৷

Jorhat youth Performed Bhaona
মঞ্চস্থ কৰিলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা

পেলনীয়া কাৰ্টনৰ পৰা ভাৱৰীয়া পোচাক তৈয়াৰ কৰি প্ৰদৰ্শিত ভাওনা

যোৰহাট, 26 মাৰ্চ :ভাওনা, অসমীয়া সমাজ জীৱনৰ এক অপৰিহাৰ্য অংগ ৷ ভাওনা বুলি ক’লে সততে আমাৰ মনলৈ আহে সেই নামঘৰটোৰ কথা, য’ত খোল-তাল-মৃদংগৰ মাতত ৰজনজনাই গাঁৱৰ সেই পদূলি ৷ কিন্তু আজি আমি ক’বলৈ লৈছো এখন বিশেষ ভাওনাৰ কথা ৷ পুৰণি কলা-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত মৰিয়নিৰ দানী গাঁওবাসীয়েও লৈছে এক বিশেষ পদক্ষেপ ৷

যোৰহাট জিলা মৰিয়নি সমষ্টি এজাক শিশুৱে ব্যতিক্ৰমী চিন্তা আৰু প্ৰচেষ্টাৰে শনিবাৰে নিশা মঞ্চস্থ কৰিলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা (Jorhat youth Performed Bhaona) । মৰিয়নিৰ আদৰ্শ দানী গাঁৱৰ এইজাক শিশু ব্যতিক্ৰমী প্ৰচেষ্টাই মুগ্ধ কৰিলে সকলোকে ৷ কিশোৰ-কিশোৰীসকলৰ এই প্ৰচেষ্টাই সমাজত সৃষ্টি কৰিলে এক আদৰ্শ ।

যি সময়ত আমাৰ সমাজৰ দহ আৰু বাৰ বছৰীয়া কিশোৰ-কিশোৰীয়ে বৰ্তমান সময়ত ম’বাইলত বিভিন্ন গেম খেলি সময় অতিবাহিত কৰিছে, তেনে সময়তে দানী গাঁৱৰ এজাক কিশোৰ-কিশোৰীয়ে আজৰি সময়ত মন মেলিলে এখনি ভাওনা কৰাৰ । তেওঁলোকে পেলনীয়া কাৰ্টন কাটি ৰং বিৰঙৰ পজেন্ট পেপাৰ, কফিৰ কাপ লগাই প্ৰস্তুত কৰিলে ভাওনাৰ পোচাক ৷

আনকি Youtube ৰ জৰিয়তে কৰিলে ভাওনা আখৰাও ৷ ইয়াৰ পিছতেই মৰিয়নি দান গাঁৱৰে এঘৰ পৰিয়ালৰ চোতালত নিজে ৰভা দি কিশোৰ-কিশোৰীসকল সাজু হ’ল ভাওনা মঞ্চস্থ কৰিবলৈ । সময় বাগৰিল ৷ অৱশেষত শনিবাৰে নিশা এইসকল কিশোৰ-কিশোৰীয়ে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে উপবাসে থাকি প্ৰদৰ্শন কৰিলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা (Bhaona in Jorhat) ৷

আনকি দিনৰ ভাগত নাম-প্ৰসংগ কৰি নিশা গায়ন বায়নেৰে প্ৰদৰ্শন কৰিলে "দক্ষ যজ্ঞ সতী দেহ ত্যাগ" ভাওনা ৷ ইফালে কিশোৰ-কিশোৰীৰ দ্বাৰা প্ৰদৰ্শিত এই ভাওনা উপভোগ কৰিবলৈ হিলদল ভাঙি ওলাই আহিল গাঁৱৰ ৰাইজ । কিশোৰ-কিশোৰীসকলে নিজে তৈয়াৰ কৰা আকৰ্ষণীয় মঞ্চ, তেওঁলোকৰ অভিনয় তথা কাৰ্টনেৰে তৈয়াৰী ভাৱৰীয়া পোচাক দেখি মুগ্ধ হৈ পৰিল উপস্থিত দৰ্শকো ।

লগতে পঢ়ক :Bhaona at Kaliabor:কলিয়াবৰত সীতা হৰণ বালী বধ ভাওনা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details