অসম

assam

ETV Bharat / state

যোৰহাটত ৰাজপথত বিনামূলীয়া ল'লিপপ, পাণ দোকানত প্ৰতিবাদী কবিতা ! - যোৰহাট কবিতাৰে প্ৰতিবাদ

ইংৰাজী নতুন বছৰৰ পহিলা দিনটোতে যোৰহাটৰ ৰাজপথত দেখা গ'ল দুটা ব্যতিক্ৰমী দৃশ্য ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কবিতা লিখি আৰু বাটৰ নাট প্ৰদৰ্শন কৰি সাব্য়স্ত কৰিলে প্ৰতিবাদ ৷

JORHAT UNIQUE CAA PROTEST
যোৰহাটৰ ৰাজপথৰ দুটা ব্যতিক্ৰমী দৃশ্য

By

Published : Jan 1, 2020, 7:55 PM IST

যোৰহাট, 1 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যোৰহাটৰ ৰাজপথত ল'লিপপ বিক্ৰী কৰি সাব্যস্ত কৰিলে ব্যতিক্ৰমী প্ৰতিবাদ ৷ যোৰহাটৰ ৰাজপথত ৰাজীৱ দত্ত নামৰ ব্যক্তিজনে চিঞৰি-চিঞৰি গানৰ জৰিয়তে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে যদিও গ্ৰাহকে লোৱা নাই বিনামূলীয়াকৈ দিব বিচৰা ল'লিপপ ৷

ৰাজপথত বিনামূলীয়া ল'লিপপ, পাণ দোকানত প্ৰতিবাদী কবিতা

ইপিনে, যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তামোল-পাণৰ দোকান দি জীৱন নিৰ্বাহ কৰা এগৰাকী মহিলাৰ নাম জাহ্নৱী বৰা ৷ দেখাত সাধাৰণ যেন লাগিলেও এইগৰাকী মহিলাৰ মাজত লুকাই আছে শক্তিশালী প্ৰতিবাদী সত্বা ৷ সৰু দোকানখনৰ ব্যস্ততাৰ মাজতে নাগৰিকত্ব সংশোধনীৰ বিৰুদ্ধে কবিতা লিখি প্ৰতিবাদ কৰি গৈছে এইগৰাকী মহিলাই ৷

ABOUT THE AUTHOR

...view details