যোৰহাট,২৯ ডিচেম্বৰ :বিগত দিনবোৰত যোৰহাট উন্নয়ন প্ৰাধিকৰণে (Jorhat Development Authority) জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কাম কৰি আহিছে । জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত আন এক পদক্ষেপ লৈছে যোৰহাট উন্নয়ন প্ৰাধিকৰণে । ২০২৩ চনৰ ভিতৰত যোৰহাটৰ ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে (Jorhat truck terminus to be completed by 2023)। যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত যোৰহাটৰ কেন্দুগুৰিৰ আইলামুখীয়াত ৭৮ বিঘা ১ কঠা ভূমিত যোৰহাট ট্ৰাক টাৰ্মিনাচৰ নির্মাণৰ শুভাৰম্ভ কৰাৰ পাছৰে পৰা প্ৰকল্পৰ কাম তীব্ৰ গতিত চলি আছে ।
নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে দিনে ৰাতিয়ে প্ৰকল্পটো নিৰ্মাণত ব্যস্ত হৈ পৰিছে । একপ্ৰকাৰ যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে । যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীয়ে বিশেষভাৱে এই প্ৰকল্পৰ কাম সোনকালে সমাপ্ত হোৱাত গুৰুত্ব আৰোপ কৰিছে । তেওঁৰ তৎপৰতাতে ভূমিৰ গৰাকীসকলক ক্ষতিপূৰণ দিয়াৰ কামো ইতিমধ্যে সমাপ্ত হৈছে ।
ই টি ভি ভাৰতৰ আগত উন্নয়ন প্ৰাধিকৰণৰ সভাপতি গোস্বামীয়ে কয় যে পূৰ্বতে উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয় ভাড়াঘৰত আছিল আৰু তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ভাড়াঘৰৰ পৰাৰ নিজা ভূমিত প্ৰাধিকৰণৰ কাৰ্যালয় স্থাপন কৰাৰ হ'ল । বৰ্তমান যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ পুঁজি টনকিয়াল হৈছে আৰু এই পুঁজিয়ে বিভিন্ন উন্নয়নমূলক কাম কাজ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিয়মীয়াকৈ কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰিবলৈও সক্ষম হৈছে ।