যোৰহাট, 4 এপ্ৰিল : ৰাজ্য চৰকাৰৰ নিৰ্দেশানুসৰি পৰিবহন বিভাগে জিলাই জিলাই অপাৰেশ্যন কুৰুক্ষেত্ৰ, মিছন ছাৰখাৰৰ দৰে অভিযান আৰম্ভ কৰি কৰ-কাটল নিদিয়া যান-বাহনৰ গৰাকীৰ লগতে যান-বাহন আইন উলংঘা কৰা চালকক গুৰুতৰ শাস্তি প্ৰদানৰ লগতে জৰিমনা বিহাৰ ব্যৱস্থা হাতত লৈছে (Road tax in Assam) ৷ ইয়াৰ ফলত বিগত বিত্তীয় বৰ্ষৰ তুলনাত অধিক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে পৰিবহন বিভাগে ৷
এইবাৰ কৰ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ ভংগ কৰিলে যোৰহাট জিলা পৰিবহন বিভাগে (Jorhat transport department ) ৷ যোৰহাট জিলা পৰিবহন বিষয়া মনিৰুদ্দিন আহমেদ নেতৃত্বত জিলাখনত সংগ্ৰহ কৰা কৰৰ ক্ষেত্ৰত ২০২২-২৩ বৰ্ষত সৰ্বোচ্চ কৰ সংগ্ৰহ কৰা হৈছে 63.24 কোটি টকা (Jorhat transport department record) ৷ এই কথা খোদ জিলা পৰিবহন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷
যোৰহাট জিলা পৰিবহন বিষয়া মনিৰুদ্দিন আহমেদে (DTO Maniruddin Ahmed) কয় যে, ‘‘আমাক এইবাৰ 2022-23 বিত্তীয় বৰ্ষৰ কাৰণে আমাৰ যি ৰাজহ সংগ্ৰহৰ পৰিমাণ ধাৰ্য কৰি দিয়া হৈছিল সেইয়া আছিল 60.71 লাখ ৷ তাৰ পৰিৱৰ্তে আমি ধাৰ্য কৰা পৰিমাণ অতিক্ৰম কৰি 63.24 কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ 2019-20 বৰ্ষত কৰ সংগ্ৰহৰ পৰিমাণ আছিল 37.41 কোটি, 2020-21 বৰ্ষত আছিল 33.33 কোটি আৰু 2021-22 বৰ্ষত আছিল 47.38 কোটি টকা ৷"