যোৰহাট, 24 এপ্ৰিলঃ ট্ৰেফিক আইন উলংঘা কৰি পদ পথৰ কাষত অবৈধ দোকান দিলে আৰু যান-বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমণা । ইটিভি ভাৰতত বাতৰিৰ প্ৰভাৱত গা-লৰিল যোৰহাট জিলা প্ৰশাসনৰ ৷ চহৰখনত বৃদ্ধি পোৱা অতিৰিক্ত যান-জঁট আৰু পদপথৰ অবৈধ দোকানৰ বিৰুদ্ধে ঘোষণা কৰিলে অতিৰিক্ত জৰিমণা ৷
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট আৰক্ষীৰ উচ্ছেদ অভিযান - JORHAT TRAFFIC
যান-জঁট নিয়ন্ত্ৰণৰ লগতে পথৰ কাষত থকা অবৈধ দোকানৰ প্ৰতিবেদন সামৰি বাতৰি প্ৰকাশ হৈছিল ETV Bharat অসমত ৷ এই প্ৰতিবেদন প্ৰত্যক্ষ কৰি গা-লৰিল যোৰহাট জিলা প্ৰশাসনৰ ৷
যোৰহাটৰ নগৰখনত ব্যাপক হাৰত বৃদ্ধি পোৱা যান-জটৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই যোৰহাটৰ যান-বাহন আৰক্ষী নামি পৰিল অভিযানত । যোৰহাট নগৰখনত দিনক-দিনে বৃদ্ধি পায় অহা বাহনৰ লগতে নগৰৰ ব্যস্ততাপূৰ্ণ পদ পথৰ কাষৰ অবৈধ ভাৱে তথা অস্থায়ীভাৱে স্থাপন কৰা দোকান সমূহেও যান-জঁট বৃদ্ধি হোৱাত অৰিহণা যোগায় আহিছে । যাৰ ফলত এনেধৰণৰ একাংশ পদ পথৰ দোকানৰ বিৰুদ্ধে উচ্ছেদ অভিযানত নামিল যোৰহাটৰ ট্ৰেফিক আৰক্ষী । যান-বাহন আৰক্ষী বিষয়া সূৰেন কলিতাই জনোৱা মতে আজিৰে পৰা এইদৰে দৈনিক উচ্ছেদ অভিযান হ'ব আৰু লগতে যিসকল ব্যক্তিয়ে যান-বাহন আইন উলংঘা কৰি বাহন সমূহ পথৰ দাঁতিত ৰাখি থ'ব সেই সকল লোকক অতিৰিক্ত জৰিমণা বিহা হ'ব ।