তিতাবৰ,18ডিচেম্বৰ:শুকুৰবাৰে তিতাবৰ মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৰহাট জিলাৰ তিতাবৰ প্ৰেছক্লাবৰ সন্মুখত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচী ৷ অসমত মাইক্ৰ’ফাইনেঞ্চ কোম্পানীয়ে সাধাৰণ ৰাইজক কৰা হাৰাশাস্তিৰ বাবে সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ সংগঠনটোৰ সদস্য সকলৰ দাবী,মাইক্ৰ’ফাইনেঞ্চ কোম্পানীয়ে সাধাৰণ জনতাক ঋণ দিয়াৰ নামত লুটি আছে,কিন্তু চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷
তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - মাইক্ৰ’ফাইনেঞ্চ কোম্পানী
তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচী ৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সংগঠনটোৱে ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷
![তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী jorhat-titabor-kmss-protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9922285-thumbnail-3x2-io.jpg)
তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
ইফালে,মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ৰাজ্যৰ বহু সাধাৰণ লোকে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হৈছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ চৰকাৰে এই কোম্পানী সমূহৰ বাবে বিহিত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি তিতাবৰত ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত যোৰহাট জিলাৰ বিষয়ববীয়াৰ লগতে তিতাবৰ মহকুমাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷
অন্য এক খবৰৰ বাবে: অসম কৃষি বিশ্ববিদ্যালয়ত সংযোজন এনচিচি
Last Updated : Dec 18, 2020, 4:55 PM IST