অসম

assam

ETV Bharat / state

আবতৰীয়া বানৰ কবলত টীয়কৰ বিস্তীৰ্ণ অঞ্চল - মৰাণ গাঁও, দেওধাই গাঁও,টঙানী গাঁও

ক্ৰমান্বয়ে পুঠি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ন ন অঞ্চল ৷ নিশাৰ ভাগলৈ যদি বৰষুণ হয় তেনেহ'লে পুঠি নদীৰ জলপৃষ্ঠ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ এতিয়াও পুঠি নদীৰ বাঢ়নী পানীয়ে পাব্লিত কৰিছে টীয়কৰ বহু অঞ্চল ৷

আবতৰীয়া বানৰ কবলত টীয়কৰ বিস্তীৰ্ণ অঞ্চল

By

Published : Sep 25, 2019, 9:47 AM IST

টীয়ক,25 ছেপ্টেম্বৰঃ আহিনৰ আবতৰীয়া বানত বিধস্ত টীয়কৰ বিস্তীৰ্ণ অঞ্চল ৷ পুঠি নদীৰ বাঢ়নী পানীয়ে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও বুৰাই পেলোৱাৰ উপৰি বিস্তৃত কৃষিভূমি প্লাৱিত কৰে । উল্লেখযোগ্য যে আহিনৰ এই বাঢ়নী পানীত বৃহত্তৰ বলমা অঞ্চলৰ মৰাণ গাঁও, দেওধাই গাঁও,টঙানী গাঁওকে ধৰি প্ৰায় চাৰি পাঁচখন গাঁৱৰ প্ৰায় দুই হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি কৃষি পথাৰৰ শস্যৰ বিস্তৰ ক্ষতিসাধন কৰাত কৃষক সকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। পুঠি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে টঙানী গাঁৱৰ ঘাই পথটো ।তাৎপৰ্য পূৰ্ণ এই যে টঙানী অঞ্চলত পুঠি নদীৰ বাঢ়নী পানীয়ে চাৰিমাহ পূৰ্বে ছিঙি পেলোৱা ৰিংবান্ধটো মেৰামতি নকৰাত বছৰটোত চতুৰ্থ বাৰৰ বাবে বানৰ কবলত পৰিছে অঞ্চলটো । জিলা প্ৰশাসনৰ দায়িত্বজ্ঞানহীনতাৰ ফল অঞ্চলটোৰ ৰাইজে ভুগিব লগা হোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ ।

পুঠি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ন ন অঞ্চল

ক্ৰমান্বয়ে পুঠি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ন ন অঞ্চল ৷ নিশাৰ ভাগলৈ যদি বৰষুণ হয় তেনেহ'লে পুঠি নদীৰ জলপৃষ্ঠ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ এতিয়াও পুঠি নদীৰ বাঢ়নী পানীয়ে পাব্লিত কৰিছে টীয়কৰ বহু অঞ্চল ৷ ৰাইজ শংকিত হৈ পৰিছে যিকোনো মূহুৰ্তত বানৰ কবলত পৰিব পাৰে টীয়কৰ বহু অঞ্চল ৷ আনহাত এই পৰ্যন্ত জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷

আবতৰীয়া বানৰ কবলত টীয়কৰ বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details