সৰ্বাংগীণ উন্নয়নৰ উদাহৰণ টীয়কৰ এটা গড়কাপ্তানী পথ - TEOK BONAI BAMUN PUKHURI ROAD
ৰাজ্যত উন্নয়নৰ বতাহ বলিছে ৷ যোৰহাটৰ টীয়কৰ পৰাই আৰম্ভ হৈছে সৰ্বাংগীণ উন্নয়নৰ ধাৰাটো ৷ ৰাজ্যৰ গড়কাপ্তানী বিভাগে গাঁৱে ভূঞে চকুত লগা কৰি তুলিছে ৰাজপথসমূহ... চাওক আমাৰ এক প্ৰতিবেদন...
টীয়ক,12 মাৰ্চঃযোৰহাটৰ টীয়কৰ এটাজৰাজীৰ্ণ গড়কাপ্তানী পথে জীয়াতু ভোগাইছে সাধাৰণ পথচাৰীক ৷ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই-বামুনপুখুৰী সংযোগী গড়কাপ্তানী পথটোৰ জৰাজীৰ্ণ ৰূপে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক। প্ৰায় ১০-১২ খন গাঁৱৰ ৰাইজ অহা-যোৱা কৰা পথটোৰে পূৰ্বতে যাত্ৰীবাহী বাছ চলাচল কৰিছিল যদিও বৰ্তমান বাছটো দূৰৈৰ কথা দুচকীয়া বাহন চলাবলৈও বহু বাৰ ভাৱিব লগা হয় । মেৰামতিৰ অভাৱত কৰ্দয ৰূপ ধাৰণ কৰা গড়কাপ্তানী পথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষ,স্থানীয় বিধায়িকাৰেণুপমা ৰাজখোৱাক অঞ্চলবাসীয়ে দাবী জনাই আহিছে যদিও কাণসাৰ নিদিয়াত ৰাইজ ক্ষোভিত হৈ পৰিছে । শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনাইছে। অন্যথা অহা নিৰ্বাচনত ৰাইজে উচিত সিদ্ধান্ত লোৱাৰ হংকাৰ দিছে ৷