যোৰহাট,২১ ছেপ্টেম্বৰ:ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল আৰু পৌৰকৰ । বুধবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট পৌৰসভা কৰদাতা নাগৰিক মঞ্চৰ সৌজন্যত পৌৰকৰ বৃদ্ধি আৰু APDCL ৰ অস্বাভাৱিক মাচুল বৃদ্ধিৰ বিৰোধিতাৰে জেষ্ঠ নাগৰিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Senior citizens protest in Jorhat) ।
কৰদাতা নাগৰিকসকলে পৌৰকৰ লগতে অত্যাধিক হাৰত বিদ্যুতৰ মাছুল বৃদ্ধিৰ বিৰুদ্ধে চৰকাৰৰ হস্তক্ষেপ বিচাৰি প্ৰতিবাদ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে(Protests against electricity charges hike) । উক্ত প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট জিলা বাৰ এচোছিয়েচনৰ সভাপতি হেমেন বৰাই অংশগ্ৰহণ কৰি জনতাক মাধমাৰ দিয়া চৰকাৰ যি সিদ্ধান্ত সেয়া শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ।