সৰ্বানন্দ সোণোৱাল জাতীয় খলনায়কঃ লিতুল বুঢ়াগোহাঁই - নাগৰিকত্ব সংশোধনী বিধেয়ক
সদৌ তাই অহোম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি লিতুল বুঢ়াগোহাঁই লগতে শতাধিক কৰ্মীয়ে ৷

যোৰহাট, 25 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰে তাই আহোম ছাত্ৰ সন্থাই ৷ সদৌ তাই অহোম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি লিতুল বুঢ়াগোহাঁইৰ লগতে শতাধিক কৰ্মীয়ে ৷ যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱে চহৰখনৰ মাজৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমক কোনে কাৰণতে বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ দিয়া নহ’ব ৷ যদি ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক কাৰ্যকৰী কৰে তেনেহলে ৰাজ্যৰ পৰিৱেশ অশান্ত হোৱাৰ দায়িত্বও চৰকাৰে ল’ব লাগিব বুলি মন্তব্য কৰে লিতুল বুঢ়াগোহাঁইয়ে ৷ লগতে তেখেতে চৰকাৰৰ ব্যৰ্থতাসমূহ আঙুলিয়াই দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় খলনাক আখ্যা দিয়ে ৷