অসম

assam

By

Published : Nov 2, 2019, 10:54 AM IST

Updated : Nov 2, 2019, 11:58 AM IST

ETV Bharat / state

যোৰহাটৰ ভোগদৈ নৈৰ পাৰত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

পুৱাই যোৰহাটৰ গড়মূৰত চাঞ্চল্য় ৷ এখন চালিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ ৷ গড়মূৰ উপ আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।

ভোগদৈ নৈৰ পাৰত অস্থায়ী চালিত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

যোৰহাট,2নৱেম্বৰঃযোৰহাটৰ গড়মূৰৰভোগদৈ নৈৰ পাৰত অস্থায়ী চালিত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ ৷ নৈৰ পাৰত উদ্ধাৰ হোৱা মৃত লোকজনৰ নাম জগৎ চাংমাইবুলি জানিব পৰা গৈছে ৷ মৃত লোকজন ছেমফৰ্ড ফিউছাৰিষ্টিক নামৰ বিদ্যালয়খনৰ বাছৰ চালক হিচাপে কৰ্মৰত আছিল। শনিবাৰে পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে গড়মূৰ উপ আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে জগৎ চাংমাইৰ মৃতদেহ উদ্ধাৰ হোৱা সময়ত মাটিত ভৰি লাগি থকা ঘটনাই এইয়া হত্যা নে আত্মহত্যা তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

যোৰহাটৰ ভোগদৈ নৈৰ পাৰত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ
Last Updated : Nov 2, 2019, 11:58 AM IST

ABOUT THE AUTHOR

...view details